গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব ৰক্তচাপ দিৱস পালন

গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব ৰক্তচাপ দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত, নৰ্থ ইষ্ট হেলথ এচোছিয়েশ্যন (নেহা) আৰু আৰ্হি হাস্পতালত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰে।এক সংবাদমেল আৰু সজাগতা সভাৰ দ্বাৰা জনসাধাৰণক উচ্চ ৰক্তচাপৰ ভয়াবহতাৰ বিষয়ে সঁকিয়াই দিয়াৰ উদ্দেশ্য এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বিনামূলীয়া ৰক্তচাপ তথা ৰক্ত শৰ্কৰা পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰা হয়।সোনালী গুপ্তাৰ ভজনেৰে আৰম্ভ কৰা এই অনুষ্ঠানত বেলা নাওকাই আদৰণি ভাষণ আগবঢ়ায় । সভাত অৰূপ কুমাৰ দােস নৰ্থ ইষ্ট হেলথ এচোছিয়েশ্যনৰ উদ্দেশ্য আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ব্যাখ্যা কৰে আৰু ডাঃ যদুনাথ বুঢ়াগোহাঁইে আৰ্হি হাস্পতালত উপলব্ধ হোৱা বিভিন্ন সেৱাৰ বিষয়ে দুআষাৰ আগবঢ়াই আৰু ৰাইজক ৰাজ্যৰ বাহিৰলৈ নগৈ এই উচ্চমানদণ্ড যুক্ত তথা সুলভ চিকিৎসা সেৱা সমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। সভাত অসমৰ ভূতপূৰ্ব আৰক্ষী সঞ্চালক প্ৰধান জি এম সৃবাস্তৱ “নেহা”ৰ সভাপতি হিচাবে ভাষণ আগবঢ়াই আৰু উচ্চ ৰক্তচাপৰ বিষয়ে সকলোকে সজাগ হোৱাৰ বাবে পৰামৰ্শ দিয়ে।সভাৰ মূল কাৰ্য্যসূচী হিচাবে হৃদৰোগ বিশেষজ্ঞ ডাঃ বিকাশ ৰায় দােস উচ্চ ৰক্তচাপৰ বিষয়ে এক তথ্যগধুৰ ভাষণ আগবঢ়ায়। সকলোকে এক পৰিশ্ৰমী জীৱনশৈলী আঁকোৱালী লোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। দৃশ্য – শ্ৰৱ্য মাধ্যমৰ সহায়ত তেওঁ উক্ত উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা বিভিন্ন জটিলতা তথা ইয়াৰ চিকিৎসা সহজ আৰু সৰল ভাষাত বুজাই দিয়ে লগতে তেওঁ উপস্থিত ৰাইজৰ প্ৰশ্নৰো উত্তৰ প্ৰদান কৰে। ইয়াৰ পিছতে সভাৰ অন্যতম কাৰ্য্যসূচী হিচাবে সমূহীয়া আলোচনাত সমাজৰ কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে আৰু উক্ত উচ্চ ৰক্তচাপৰ ভয়াবহতা, ইয়াৰ প্ৰতিৰোধ আৰু সজাগতাৰ ওপৰত আলোকপাত কৰে। উক্ত আলোচনাত প্ৰাগ চেনেলৰ গ্ৰুপ প্ৰেছিদেন্ট ডাঃ অক্ষতা নাৰায়ন, দা আসাম ট্ৰিবিউন কাকতৰ উপ সম্পাদক ৰমনুজ দত্ত চৌধুৰী, অভিনেত্ৰী ভ্ৰান্তি মেধি, শৰীৰ চৰ্চাবিদ মহাদেৱ ডেকা, সামাজিক মাধ্যমৰ নয়ন মিনৰুচি ভৰদ্বাজ, আৰ্হি হাস্পতালৰ স্নায়ু শৈল্যবিদ ডাঃ চিমৰনজিৎ সিং, স্ত্ৰী আৰু প্ৰসূিত চিকিৎসক ডাঃ জোনামিন বৰগোহাঁই আদিয়ে অংশগ্ৰহণ কৰে আৰু বিভিন্ন মতামত আগবঢ়ায়। উপস্থিত সকলো বিশিষ্ট ব্যক্তিক এখন ফু লাম গামোচা আৰু এটি স্মৃতিচিহ্নৰে সম্বৰ্ধনা জনোৱা হয়। সভাৰ শেষত আৰ্হি হাস্পতালৰ মনোৰঞ্জন কলিতাই শলাগৰ শৰাই আগবঢ়ায়।নৰ্থ ইষ্ট হেলথ এচোছিয়েশ্যনৰ (নেহা) আৰু আৰ্হি হাস্পতালৰ যৌথ প্ৰচেষ্টাত অনুষ্ঠিত এই সজাগতা কাৰ্য্যসূচীত উপস্থিত ৰাইজে উপকৃত হোৱা বুলি জানিব দিয়ে আৰু ইয়াৰ শলাগ লয়৷