গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতবাদী কাৰ্যসূচী

গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতবাদী কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক সকলে, তেওঁলোকৰ সুৰক্ষাৰ দাবীত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। উল্লেখ থাকে যে কালি মছলপুৰ কাৰাগাৰলৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ যোৱাত এক অনাকাংখিত ঘটনাত জুবিন অনুৰাগীৰ শিলগুটি নিক্ষেপত ভালে কেইগৰাকী সংবাদ কৰ্মী আঘাত প্ৰাপ্ত হৈছিল। আৰু তাৰ বাবেই সাংবাদিক সকলৰ এক সুনিশ্চিত নিৰাপত্তাৰ দাবীত সভানেত্ৰী সুস্মিতা গোস্বামী আৰু সম্পাদক সঞ্জয় ৰায়ৰ নেতৃত্বত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। আনহাতে সভানেত্ৰী সুস্মিতা গোস্বামীয়ে জানিবলৈ দিয়ে যে, আগন্তুক বিধান সভা অধিবেশনত, সংবাদ কৰ্মী সকলৰ বাবে এখন কঠোৰ আইন বলবৎ কৰাৰ বাবে এখন লিখিত আবেদন জনাব। আজিৰ কাৰ্যসূচীত অনুপমা ডেকা, বৃষ্টি ৰূপা শৰ্মা, শ্বাহ আলম, বলদেৱ পাণ্ডেকে আদি কৰি ছপা, আৰু বৈদ্যুতিক সংবাদ কৰ্মী সহ প্ৰায় ২০ গৰাকী সংবাদ কৰ্মীয়ে অংশগ্ৰহণ কৰে।