গুৱাহাটী প্ৰেছ ক্লাবত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা

গুৱাহাটী প্ৰেছ ক্লাবত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  আগশাৰীৰ প্ৰকাশন পূৰ্বয়ান প্ৰকাশনৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট চিকিৎসক তথা লেখক ডাঃ ৰবীন মজুমদাৰৰ লঘু-ব্যংগ গ্ৰন্থ “ন’পাৰ্কিং”আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ইপিনে গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ক্ৰমে বিশিষ্ট শিক্ষাবিদ তথা অনুবাদক গায়ত্ৰী ভট্টাচাৰ্য, খ্যাতিনামা সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত ৰাজগুৰু, চিকিৎসক তথা বিশিষ্ট কথা শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। নিজৰ উন্মোচনী ভাষণত ৰাজগুৰুৱে কয় যে সাহিত্যৰ ক্ষেত্ৰত আটাইতকৈ কঠিন কাম হৈছে ব্যংগ ৰচনা সৃষ্টি আৰু এনে ধৰণৰ জটিল কাম এটা নিৰৱচিন্নভাৱে কৰি অহা বাবে ডাঃ মজুমদাৰ ধন্যবাদৰ পাত্ৰ।তেওঁ লগতে ইয়াকো কয় যে অসমীয়া সাহিত্য পাঠকৰ লগত ব্যংগ লেখকৰ পৰিমাণ কম। আনহাতে আজিৰ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত গ্ৰন্থখনৰ বিষয়বস্ত সন্দৰ্ভত মন্তব্য আগবঢ়াই গ্ৰন্থখনৰ প্ৰকাশক তথা পূৰ্বায়ন প্ৰকাশনৰ স্বত্বাধিকাৰ ডঃ অমৃত কুমাৰ উপাধ্যায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে প্ৰকাশিত ডাঃ ৰবীন মজুমদাৰৰ ফাণাপৰ দেশত গ্ৰন্থখনে যথেষ্ট সমাদৰ লাভ কৰিছে।