গুৱাহাটী প্ৰেছ ক্লাবত নেবকছৰ ব্যয়বহুল কথাছবি ‘অগ্নিবৃষ্টি’ৰ প্ৰথমটো ‘টিজাৰ’ মুকলি

গুৱাহাটী প্ৰেছ ক্লাবত নেবকছৰ ব্যয়বহুল কথাছবি ‘অগ্নিবৃষ্টি’ৰ প্ৰথমটো ‘টিজাৰ’ মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূবৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘নেবকছ’ৰ উদ্যোগত ১৭ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত এখনি অসমীয়া ছবিৰ ‘টিজাৰ’ মুকলি হয় ৷ ‘নেবকছ এন্টাৰটেইনমেন্ট’ৰ বেনাৰত সৰোজিনী বসুমতাৰীৰ ব্যয়বহুল প্ৰযোজনাৰে নিৰ্মিয়মান অৱস্থাত থকা ছবিখনৰ এটা আটকধুনীয়া ‘টিজাৰ’ মুকলি হোৱাৰ লগতে ছবিখনৰ ওপৰত এখনি গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাবত ৷ বিশিষ্ট সাংস্কৃতিককৰ্মী গগণাষ্টম গগৈৰ পৰিচালনাৰে নিৰ্মাণ হোৱা ছবিখনত ডিঅপি হিচাবে কাম কৰাৰ লগতে অভিজ্ঞ কৰ্মী অসীম হাজৰিকাই সম্পাদনাৰ কামখিনি সুন্দৰভাৱে কৰিছে ৷ নেপথ্য কণ্ঠ প্ৰখ্যাত অভিনেতা ব্ৰজেন বৰাৰ ৷ এটি মৰ্মস্পৰ্শী কাহিনীৰে ছবিখন সজাই তুলিছে ভাস্কৰ কলিতাই ৷ ছবিখনৰ মুখ্য সহকাৰী পৰিচালক হেমন্ত হীৰু, প্ৰাথমিক পৰ্যায়ত সংগীতৰ কাম কৰিছে ৰাজীৱ কাশ্যপে৷ প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্বত আছে বৰষা কাশ্যপ, চিত্ৰনাট্য-সংলাপ হেমন্ত হীৰু আৰু প্ৰবীৰ গোপৰ (সুপ্ৰ) ৷ গ্ৰাফিক্সৰ কাম কৰিছে সুপ্ৰভাত গোপে, ব্যৱস্থাপনাৰ দায়িত্বত আছে চুপ্ৰিম গগৈ আৰু ডলী ডেকা ৷ স্থিৰচিত্ৰ পল্লৱ মহন্তৰ ৷ ছবিখনৰ কামত বিভিন্ন প্ৰকাৰে সহযোগ কৰিছে কাঞ্চন সাউদ বৰা, অন্নদা বড়ো ৰংপী, অখিল চন্দ্ৰ গোস্বামী, ড॰ হেমন্ত কুমাৰ দাস, ডাঃ জয় বৰা, ৰাজীৱ আহমেদ, ৰুনা লাইলা, দিপক কুমাৰ দত্ত, মনোজ কুমাৰ দাস, বাবুল দাস, বিজয় নাথ, চাইদুৰ ৰহমান, বাবু ৰাভা, মৌচুমী ভৰালী শৰ্মা, সনাতন দাস, আব্দুল কাদিৰ খান আদিয়ে৷সম্প্ৰতি মহানগৰীৰ জ্যোতি চিত্ৰবনত “অগ্নিবৃষ্টি”ৰ চিত্ৰ গ্ৰহণ আৰু সম্পাদনাৰ কাম সমূহ চলি থকা বুলি জানিবলৈ দিয়ে পৰিচালক গগণাষ্টম গগৈয়ে ৷ প্ৰযোজক সৰোজিনী বসুমতাৰীয়ে জনোৱা মতে ২২ অক্টোবৰৰ পৰা পূজাৰ বতৰত চন্দ্ৰপুৰৰ বিভিন্ন মনোৰম লোকেশ্যনৰ লগতে শ্বিলং, বৰাপানী, চেৰাপুঞ্জীৰ আটকধুনীয়া লোকেশ্যনত পূৰ্ণগতিত চিত্ৰ গ্ৰহণ হ’ব ‘অগ্নিবৃষ্টি’ৰ আৰু বহু কাম ৷ পৰৱৰ্তী সময়ত সংগীতৰ কাম আৰম্ভ কৰা হ’ব মুম্বাইত৷ ভাস্কৰ কলিতাৰ এটি নিপোটল কাহিনীৰেপ্ৰাণ পোৱা এখনি সুন্দৰ কথাছবি ‘অগ্নিবৃষ্টি’ ৷ যিখন ছবি ৰোমাঞ্চ, ছাচপেঞ্চ, একশ্যন আদিৰে ভৰপুৰ হৈ পৰিব ৷ ‘অগ্নিবৃষ্টি’ৰ জৰিয়তে ‘নেবকছ এন্টাৰটেইনমেন্ট’-এ অসমীয়া ছবি জগতখনলৈ এক নতুনত্বৰ জোঁৱাৰ আনিব বুলি প্ৰযোজক পক্ষ আশাবাদী ৷ ‘অগ্নিবৃষ্টি’ত এতিয়ালৈকে চুক্তিবদ্ধ হোৱা অভিনয় শিল্পীসকলৰ মাজত হ’ল চেতনা দাস, অতুল পাচনী, ভৱেশ দাস, চাজু আহমেদ, ববিতা কলিতা, নিলোৎপল বৰা আদি৷আনহাতে,‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া উপস্থিত থাকে৷