গুৱাহাটী প্ৰেছ ক্লাবত জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথমে সকলো সাংবাদিক বন্ধু-বান্ধৱীলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ, অসম কোনো ৰাজনৈতিক বা ক্ষন্তেকীয়া আবেগ অথবা স্বাৰ্থৰ বাবে গঠন কৰা সংগঠন নহয় | হাজাৰ হাজাৰ বছৰৰ ধৰি পিছপৰি থকা আৰু অৰ্থনৈতিকভাবে দুৰ্বল জনজাতি লোকসকলৰ জন্ম-স্বত্ব সাংবিধানিক অধিকাৰ, নিজস্ব ভাষা, ধৰ্ম-সংস্কৃতি, পৰম্পৰা, নিজৰ জাতিৰ অস্তিত্বক ৰক্ষা কৰাই এই সংগঠনৰ মূল উদ্দেশ্য। আজিৰ সংবাদ মেলৰ মূল বিষয় হ’ল- কেইজন মান জনজাতি-বিৰোধী, সমাজ-বিৰোধী, ৰাষ্ট্ৰ-বিৰোধী, জন-আধাৰ নোহোৱা দল আৰু সংগঠনৰ কিছু ব্যক্তিয়ে Social Mediaত জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ ,অসমৰ বিষয়ে কিছুমান মিছা অপ-প্ৰচাৰ কৰি থকা দেখা গৈছে । যোৱা ২৬ মাৰ্চ ২০২৩ তাৰিখে হৈ যোৱা “চলৌ দিছপুৰ বিশাল জনজাতি গণ সমাবেশ “ত প্ৰায় ৫৫,০০০তকৈ অধিক জনজাতি লোকে নিজ নিজ জনজাতীয় সাজ-পোছাক পৰিধান কৰি প্ৰতিকূল বতৰকো নেওঁচি গুৱাহাটীৰ খানাপাৰা ফিল্ডত একত্ৰিত হয়। উক্ত দিনা কেইবাটাও জনজাতীয় জনগোষ্ঠীৰ পুৰোহিতসকলে জনজাতীয় পূজা-পাৰ্বনেৰে অনুষ্ঠানটিৰ শুভাৰাম্ভ কৰে, লগতে জনজাতিয় লোক-নৃত্য-গীত বাদ্যনাদ কৰে আৰু সকলোৱে “Delist the converted ST’s” ধ্বনি দি এই বিৰাত আন্দোলনটিক সাফল্যমণ্ডিত কৰে। হাজাৰ হাজাৰ জনতাৰ সমাগম দেখি বহু অসৎ জনজাতি নেতা আৰু ধৰ্মান্তকৰণকাৰী দালাল সকলৰ মন ভয় আৰু শংকাত কপি উঠিছে, সেয়েহে জনজাতিৰ অস্তিত্ব ৰক্ষাৰ মহান উদ্দেশ্যৰে কৰা এই আন্দোলনৰ ওপৰত বিৰূপ মন্তৱ্য প্ৰকাশ কৰি নিজৰ জনজাতি-বিৰোধী, সমাজ-বিৰোধী আৰু ৰাষ্ট্ৰ-বিৰোধীৰ পৰিচয় উদঙাই দিছে। প্ৰকৃত জনজাতিয়ে এই আন্দোলনক কোনো পদ্ধেই বিৰোধীতা কৰিব নোৱাৰে। নিজকে Congress Partyৰ মু.খপাত্ৰ (Spokesperson) বুলি পৰিচয় দিয়া আৰু দুজনমান Christian Missionaries ৰ দ্বাৰা পৰিচালিত জনজাতিয় সংগঠনৰ বহুৱালি নেতা কেইজনমানে ক`ব খুজিছে যে, এইয়া হ`ল এক ৰাজনৈতিক ষড়যন্ত্ৰ, জনজাতি সকলক হিন্দু কৰা ,ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰা, এক ভাৰত – এক ভাষা – এক ধৰ্ম কৰাৰ ষড়যন্ত্ৰ ইত্যাদি। আপোনালোকৰ জৰিয়তে, এই জনজাতি-বিৰোধী, সমাজ-বিৰোধী ৰাষ্ট্ৰ – বিৰোধী ব্যক্তি সকলক আমি স্পষ্ট কৰি দিব বিচাৰো যে, “আপোনালোকে মিছা কথা কৈ এতিয়া জনজাতিলোকসকলক আৰু বেছি দিন ঠগিব নোৱাৰে। এতিয়া ঠগাৰ সময় শেষ হৈছে, জনজাতি সমাজ এতিয়া জাগৃত হৈছে, শিক্ষিত হৈছে । তেখেত সকলে বুজি উঠিছে যে, জনজাতিক কোনবোৰ নেতাই প্ৰতাৰণা কৰি আহিছে”, সেয়েহে হাজাৰ হাজাৰ জনজাতি ৰাইজ আজি নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে স্বতঃফূৰ্ত ভাৱে ওলায় আহিছে। সাংবিধানিক সুৰক্ষাই আচল সুৰক্ষা । “জনজাতি সুৰক্ষা মঞ্চ” ৰাষ্ট্ৰী পৰ্যায়ত আৰু অসমত জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ হিচাবে সংগ্ৰাম অব্যাহত আছে। ইয়াত কেৱল মূল জনজাতি লোকেহে সদস্য। ই এটা সৰ্বভাৰতীয় জনজাতীয় সংগঠন, আৰু এই আন্দোলন এটা সৰ্বভাৰতীয় আন্দোলন। এই আন্দোলনৰ মুল উদ্দেশ্য হ’ল- জনজাতি সকলৰ অস্তিত্ব, নিজস্ব ভাষা ধৰ্ম-সংস্কৃতি, পৰম্পৰা, ৰীতি-নীতি সমূহক সাংবিধানিকভাবে সুৰক্ষিত কৰা। জনজাতিৰ এই আন্দোলন ১৯৬৭ চনতে কংগ্ৰেছৰ সাংসদ স্বৰ্গীয় কাৰ্তিক উৰাং ডাঙৰীয়াই আৰাম্ভ কৰিছিল। এই আন্দোলন আজি ৫৬ বছৰত উপনীত হৈছে। মূল জনজাতিৰ বাবে সংৰক্ষিত আৰক্ষণ আৰু ধৰ্মান্তৰকৰণৰ দ্বাৰা জনজাতি সকলৰ অস্তিত্বলৈ অহা ভাবুকিক প্ৰতিহত কৰিবৰ বাবে স্বৰ্গীয় কাৰ্তিক উৰাং ডাঙৰীয়াই প্ৰয়াত প্ৰধান মন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীক ১৯৬৮ চনত ২২ লোকসভা সাংসদ আৰু ১১ জন ৰাজ্য সভা সাংসদৰে এখন JPC গঠন কৰাবলৈ বাধ্য কৰাইছিল। ২২ টা মিটিঙৰ অন্তত JPC য়ে সংসদত প্ৰতিবেদন দাখিল কৰে আৰু অতি স্পষ্ট ভাৱে কয় যে-“As per 2A of Clause 2, if any person leaves the tradition, culture behind and converts to Islam or Christianity, he will not be considered as part of the Scheduled Tribe” (Page29, line no 38, schedule 2, clause 2A) কিন্তু বিভাগীয় মন্ত্ৰীয়ে, উক্ত প্ৰতিবেদনৰ পৰামৰ্শক গ্ৰহণ কৰিবৰ বাবে অপৰাগ হয়, আৰু পৰামৰ্শৰ বাবে আইন মন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীৰ পৰামৰ্শৰ প্ৰয়োজন বুলি কয়। এনেদৰে প্ৰায় এবছৰ সময় কোনো আলোচনা আদি নহয়, তেতিয়া Christian Missionaryৰ এটা দলে তদ্বান্তীন প্ৰধান মন্ত্ৰী প্ৰয়াত শ্ৰীমতী ইন্দিৰা গান্ধীক লগ কৰে আৰু JPC দিয়া প্ৰতিবেদন খনক গ্ৰহন নকৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। ১০ নৱেম্বৰ ১৯৭০ চনত কাৰ্তিক উৰাং দেৱেও তদ্বান্তীন প্ৰধান মন্ত্ৰী প্ৰয়াত শ্ৰীমতী ইন্দিৰা গান্ধীক ৩৪৮ জন সাংসদৰ স্বাক্ষৰ সম্বলিত সমৰ্থনৰে JPCৰ প্ৰতিবেদন খনক সাল-সলনি নকৰাকৈ গ্ৰহণ কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ১৬ নৱেম্বৰ ১৯৭০ চনত সদনত Billখন গ্ৰহন কৰে আৰু Debate আৰম্ভ হয়,। কিন্তু চৰকাৰে মুল কথাত সাল-সলনিৰ বাবে যুক্তি দাঙি ধৰে, তাক কাৰ্তিক উৰাং দেৱে বিৰোধীতা কৰে। ২৪ নৱেম্বৰ ১৯৭০ চনত কাৰ্তিক উৰাং দেৱে সাংসদত ২ঘন্টা ধৰি, কিদৰে “জনজাতি সমাজ এই Bill নাহিলে ধ্বংস হৈ যাব, নিঃশেষ হৈ যাব, সেয়েহে কোনো সাল-সলনি নকৰাকৈ JPC ৰ পৰামৰ্শ চৰকাৰে গ্ৰহণ কৰিব লাগে, অন্যথা মোক মৃত্যুদণ্ড দি দিয়ক” বুলি সংসদত কয়। তেখেতৰ যুক্তি ভৰা ভাষণত সকলোৱে মুগ্ধ হৈ তেখেতৰ যুক্তিক সমৰ্থন কৰে, কিন্তু অতি চতুৰতাৰে চৰকাৰে House adjourned কৰে আৰু বিষয়টো শেষ Sessionত পুনৰ উত্থাপন কৰাৰ প্ৰতিশ্ৰুতিৰে সদন স্থগিত কৰে। কিন্ত পুনৰ আলোচনাৰ আগতে ২৭ নৱেম্বৰ ১৯৭০ চনত লোক-সভা ভঙ্গ কৰি দিয়া হয়। এনে দৰে স্বৰ্গীয় কাৰ্তীক উৰাং দেৱৰ সকলো কষ্ট আধৰুৱা হৈ ৰয়। তথাপিও কাৰ্তিক উৰাং দেৱে আশা এৰি নাছিল, তেখেতে দুখনকৈ পত্ৰ শ্ৰীমতী ইন্দিৰা গান্ধীলৈ প্ৰেৰণ কৰিছিল, কিন্তু বিদেশী শক্তিৰ হেঁচাত কোনো উত্তৰ বা ফলা-ফল পোৱা নগল | স্বৰ্গীয় কাৰ্তীক উৰাং দেৱৰ আধৰুৱা সপোন আৰু জনজাতীয় সমাজৰ সাংবিধানিক ৰক্ষা-কবচৰ বাবে কৰা এই আন্দোলনক আগুৱাই নিবৰ বাবে ২০০৬ চনত ৰাইপুৰত ১৪ খন ৰাজ্যৰ পৰা ৮৬ জন জনজাতি নেতা আহি সন্মিলিত হয় আৰু JSM ৰ গঠন কৰে। ভাৰতত প্ৰায় প্ৰত্যেকখন ৰাজ্যতে JSM আৰু JDSSSM অসমৰ জড়িয়তে যোৱা ১৮ বছৰত হাজাৰ-হাজাৰ ধৰ্ণা, সজাগতা সভা, ৰেলী আৰু জন-সম্পৰ্কৰ কাম চলি আছে। তদুপৰি যোৱা ২০০৯ চনতো ২৮ লাখ জনজাতি লোক স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ মহামাহীম ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা পাটিল ডাঙৰীয়ানীক প্ৰদান কৰা হৈছিল । পুনৰ ২০২০ চনত স্বৰ্গীয় কাৰ্তিক উৰাং দেৱৰ জন্ম বাৰ্ষিকীত ২৮৮ খন District Collectorৰ জড়িয়তে মহামাহীম ৰাষ্ট্ৰপতি শ্ৰীযুত ৰাম নাথ কবিন্দ আৰু মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ দামোদৰ মোডী ডাঙৰীয়াক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। লগতে ১৪ খন ৰাজ্যৰ ৰাজ্যপাল আৰু কেইবাখনো ৰাইজৰ মুখ্য মন্ত্ৰীক সমৰ্থনৰ বাবে সম্পৰ্ক কৰা হৈছিল। JSM আৰু JDSSM এ অসমতো এক সবল জনজাতীয় আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছে | লাখ লাখ জনজাতীয় লোকৰ ওচৰলৈ JDSSM যাবলৈ সক্ষম হৈছে | প্ৰত্যেকখন জিলাতে পূৰ্ণাঙ্গ জিলা কমিটি, ব্লক কমিটি, পঞ্চায়াত কমিটি, গাওঁ কমিটিৰ লগতে, সজাগতা সভা, ৰেলী আৰু জন-সম্পৰ্ক কৰা হৈছে। জনজাতি সমাজ এতিয়া জাগ্ৰত হৈছে। আমাৰ নিজস্ব ভাষা, ধৰ্ম-সংস্কৃতি, পৰম্পৰাই আমাৰ চিনাকী। জাত এৰা মানেই জাতিৰ ধ্বংস। জনজাতি সমাজ এতিয়া বুজি উঠিছে ধৰ্মান্তৰকৰণৰ দ্বাৰা আমাৰ জাতিক ধ্বংস কৰাৰ Blueprint ৰচনা কৰা হৈছে। নানান প্ৰলোভনেৰে সহজ সৰল জনজাতি লোকক ধৰ্ম পৰিবৰ্তন কৰাই , জাত ত্যাগ কৰিবলৈ বাধ্য কৰাইছে।এতিয়া আমাৰ প্ৰশ্ন হ’ল, So called Congress Spokesperson ডাঙৰীয়া আৰু জন-আধাৰ নোহোৱা কেইজনমান জনজাতি-বিৰোধী, জনজাতীয় সংগঠনৰ নেতা সকললৈ যে- ১) তেওঁলোকে কিয় জনজাতি সকলক বিপথে পৰিচালিত কৰিব বিচাৰিছে ? ২) যদি জনজাতি সকলে নিজস্ব ভাষা, ধৰ্ম, সংস্কৃতি, পৰম্পৰা পালন কৰিলে তেওঁলোকৰ কি স্বাৰ্থত আঘাত হানে ? আমাক মাত্ৰ এটা প্ৰমান দিব পাৰবনে? যে জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ অসমৰ কোনো এজন সদস্যই কোনো জনজাতীয় লোকক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ কৈছে? প্ৰমান কৰিব পাৰিলে আমি আন্দোলন বন্ধ কৰি দিম। জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ ,অসমৰ উদ্দেশ্য “Delist the converted ST’s” আৰু জনজাতি সকলৰ অধিকাৰৰ বাবে শান্তিপূৰ্ণ গনতান্ত্ৰিক সংগ্ৰাম কৰি যোৱা।