গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ নৱজাগৰণ আন্দোলনৰ পথিকৃত ৰাজা ৰামমোহন ৰায়ৰ জন্ম দিৱসত অল ছেভ এডুকেশ্বন কমিটীৰ দ্বাৰা ৰচিত Draft People’s Education Policy-2025 সমগ্ৰ দেশৰ লগত অসমতো AISEC ৰ অসম ৰাজ্যিক কমিটীয়ে ‘গুৱাহাটী প্ৰেছ ক্লাবত ‘ ত আয়োজন কৰা এখন সংবাদ সন্মিলনৰ জৰিয়তে “উন্মোচন” কৰে। AISEC(All India Save Education Committee) ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক অধ্যাপক প্ৰদীপ মহাপাত্ৰ’ই আঁত ধৰা সংবাদ সন্মিলনত Draft People’s Education Policy-2025 উন্মোচন কৰে কমিটীৰ সভাপতি অধ্যাপক ত্ৰিদিব গগৈয়ে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখক,বুদ্ধিজীৱী দীনেশ বৈশ্য।উল্লেখনীয় যে অল ইণ্ডিয়া ছেভ এডুকেশ্বন কমিটীয়ে ২০২০ চনত ক্ষমতাত থকা বৰ্তমান বিজেপি পৰিচালিত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা জাতীয় শিক্ষা নীতি ২০২০ চূড়ান্ত শিক্ষা বিৰোধী আৰু জনবিৰোধী বুলি অভিহিত কৰি ইয়াক সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত দেশজুৰি আন্দোলন পৰিচালনা কৰি অহা অল ইণ্ডিয়া ছেভ এডুকেশ্বন কমিটিয়ে জাতীয় শিক্ষা নীতি ২০২০ ৰ বিকল্প হিচাপে এই Draft People’s Education Policy-2025 আজি জনসাধাৰণৰ বাবে মুকলি কৰে যাতে ইয়াৰ ওপৰত ব্যাপক আলাপ আলোচনা হ’ব পাৰে আৰু জনসাধাৰণৰ পৰা অহা সকলো পৰামৰ্শ আৰু সংশোধনী সন্নিবিষ্ট কৰি উন্নীত কৰাৰ অন্তত ২০২৬ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হবলগীয়া গণ পাৰ্লিয়ামেণ্টত পাছ কৰাৰ পিছত ‘People’s Education Policy- An alternative to NEP’2020 হিচাপে গৃহীত হ’ব আৰু ইয়াক কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰা হ’ব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত সাহিত্যিক দীনেশ বৈশ্য’ই জাতীয় শিক্ষা নীতি ২০২০য়ে কিদৰে ভৱিষ্যত প্ৰজন্মলৈ অন্ধকাৰ নমাই আনিব তাৰ কিছুমান দিশ দাঙি ধৰি “বিকল্প জনমুখী শিক্ষা নীতি” ৰচনা কৰা বাবে অল ইণ্ডিয়া ছেভ এডুকেশ্বন কমিটীক অভিনন্দন জনায়৷