গুৱাহাটী প্ৰেছ ক্লাবত গল্পসংকলন ‘মহাশ্বেতা’ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- অৱসৰপ্ৰাপ্ত অধ্যাপিকা,লেখিকা কৃষ্ণা দত্ত শইকীয়াৰ গল্পসংকলন ‘মহাশ্বেতা’ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়।অনুষ্ঠানত উন্মোচক, বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী দূৰদৰ্শনৰ প্ৰাক্তন সঞ্চালক,নিবন্ধকাৰ দেৱেন তামুলী, প্ৰাক্তন শীৰ্ষ আৰক্ষী বিয়ায়া,লেখক দিলীপ বৰা,প্ৰাগ ডিজিটেলৰ সম্পাদক ,লেখক জিতুমণি বৰা, চিকিৎসক ডিম্বেশ্বৰ দত্ত।’আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞাই আঁত ধৰা সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে৷ স্বস্তিকা প্ৰিয়ম প্ৰকাশে প্ৰকাশ কৰা গল্পসংকলনখনে পাঠকক মুগ্ধ কৰিব।