গুৱাহাটী প্ৰেছ ক্লাবত কবি হেমন্ত ভট্টাচাৰ্যৰ কবিতা পুথি উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত কবি হেমন্ত ভট্টাচাৰ্যৰ কবিতা পুথি উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰোহণ পাব্লিকেচনৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয় কবি হেমন্ত ভটাচাৰ্য্যৰ নৱতম কাব্য গ্ৰন্থ “কবিতা জীৱনৰ কবিতা সময়ৰ”,এজন অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া। কবিতাৰ প্ৰতি তেওঁৰ যি আগ্ৰহ বিশেষকৈ বাস্তৱ ধৰ্মী কবিতা তেওঁৰ প্ৰিয় প্ৰায় ছ মাহ মানৰ পৰা কথা হৈছিল কবিতা সংকলনখনৰ প্ৰসংগত।অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি নীলিম কুমাৰ,বিশিষ্ট প্ৰবন্ধকাৰ জ্যেষ্ঠ সাংবাদিক সমুদ্ৰ গুপ্তকাশ্যপকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে৷কবিতা পুথিখন প্ৰকাশ কৰি উলিয়াই আৰোহণ পাব্লিকেচনে৷