গুৱাহাটী পৌৰ নিগমৰ স্বৈৰাচাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ আম আদমী পাৰ্টি

গুৱাহাটী পৌৰ নিগমৰ স্বৈৰাচাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ আম আদমী পাৰ্টি

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ বিৰুদ্ধে সৰৱ হ’ল আম আদমী পাৰ্টি। বৃহস্পতিবাৰে দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাই সম্পত্তি কৰ আদায়ৰ নামত চৰকাৰে গ্ৰহণ কৰা নিকৃষ্ট পন্থাৰ কঠোৰ সমালোচনা কৰে। প্ৰায় ডেৰ লাখ কোটি টকাৰ ধাৰৰ বোজাত ককবকাই থকা চৰকাৰে জনসাধাৰণৰ পৰা কৰ সংগ্ৰহৰ নামত গ্ৰহণ কৰিছে হিটলাৰী পন্থা। মহানগৰবাসীৰ জীয়াই থকাৰ অধিকাৰৰ ওপৰত আক্ৰমণ নমাই আনিছে বৰ্তমানৰ শাসনাধিষ্ঠিত গুৱাহাটী পৌৰ নিগমে। সম্পত্তিৰ কৰ আদায়ৰ উদ্দেশ্যে জলবোৰ্ডৰ সৈতে জি এম চিয়ে চুক্তি কৰি খোৱাপানীৰ সংযোগ কৰ্তনৰ জৰিয়তে জনগণৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে । নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে এতিয়া ১২ হাজাৰ টকাকৈ ব্যয় কৰি খোৱাপানীৰ সংযোগ লোৱাৰ পাছতো কৰ আদায় নিদিলে পানী বন্ধ কৰি দিয়াৰ অমানৱীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। সম্পত্তি কৰ আদায় নিদিয়াৰ বাবে ইতিমধ্যে অৰ্ধ শতাধিক লোকৰ বিৰুদ্ধে চমন জাৰি কৰিছে। সম্পত্তি কৰৰ সৈতে হ’ল্ডিং নম্বৰ সংযোগ নকৰিলে বিদ্যুত সংযোগ কৰ্তনৰ সিদ্ধান্তৰ পাছত এইবাৰ পুনৰ গণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণ কৰা মেয়ৰ মৃগেন শৰণীয়াক আপৰ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাৰ প্ৰশ্ন – সাধাৰণ নাগৰিকৰ খোৱা পানী বন্ধ কৰিব বিচৰা মেয়ৰ মৃগেন শৰণীয়াই এঘন্টাৰ বাবেও পানী নোখোৱাকৈ জীৱন ধাৰণ কৰিব পাৰিবনে? সংবাদমেলত আপৰ নেত্ৰী গৰাকীয়ে মহানগৰীৰ প্ৰতিটো পৰিয়ালৰ বাবে অবিলম্বে জলব’ৰ্ডৰ বিশুদ্ধ খোৱা পানীৰ যোগান সুনিশ্চিত কৰাৰ লগতে মেয়ৰ মৃগেন শৰণীয়াৰ অমানৱীয় তথা স্বৈৰাচাৰী নীতি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।