গুৱাহাটী-দিল্লী আৰু গুৱাহাটী-চেন্নাই ৰে’লপথ মহাপুৰুষ দুজনাৰ নামেৰে নামাকৰণ কৰক

গুৱাহাটী-দিল্লী আৰু গুৱাহাটী-চেন্নাই ৰে’লপথ মহাপুৰুষ দুজনাৰ নামেৰে নামাকৰণ কৰক
ক’ভিডকালীনৰ পৰা বন্ধ হৈ থকা ৰে’ল ষ্টপেজসমূহ পুনৰ আৰম্ভ কৰিবলৈ সাংসদ দিলীপ শইকীয়াৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ দুটা দীৰ্ঘ দূৰত্বৰ ৰে’লপথ গুৱাহাটী-দিল্লী-গুৱাহাটী আৰু গুৱাহাটী-চেন্নাই-গুৱাহাটী পথ দুটা মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ নামেৰে নামাকৰণ কৰিবলৈ অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই আহ্বান জনায় ৷ কেন্দ্ৰীয় চৰকাৰক সংসদত ৰে’ল মন্ত্ৰালয়ৰ ২০২৫-২৬ বৰ্ষৰ দাবী পৰিপূৰক মঞ্জুৰীৰঃ ওপৰত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ শইকীয়াই এই দাবী উত্থাপন কৰে ৷ বিতৰ্কত অংশগ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়াই নিজৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত দৰং-ওদালগুৰি জিলাত ৰে’ল সংযোগৰ অভাৱ, নতুন ৰে’ল সেৱাৰ প্ৰয়োজনীয়তা, আৰু বিভিন্ন ৰে’ল ষ্টেচনত বন্ধ হৈ থকা ষ্টপেজ পুনৰ আৰম্ভ কৰা আদি বিষয় সন্দৰ্ভতো গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে।শইকীয়াই পুনৰ কয় যে দৰং জিলা এতিয়াও ৰে’ল সংযোগৰ সুবিধা নোপোৱাকৈ আছে, যাৰ ফলত অঞ্চলটোৰ সাধাৰণ জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। ইতিপূৰ্বেও ব্যক্তিগত বৈঠক, সংসদীয় আলোচনাৰ জৰিয়তে আৰু ৰে’ল মন্ত্ৰীৰ সৈতে চিঠি-পত্ৰৰ জৰিয়তে এই দাবী তেও উত্থাপন কৰি আহিছিল ৷ এই বিষয়ত শইকীয়াই কেন্দ্ৰীয় চৰকাৰক সোনকালে ব্যৱস্থা লবলৈ অনুৰোধ জনায়।অসমৰ দুটা দীৰ্ঘ দূৰত্বৰ ৰে’লপথ মহাপুৰুষ দুজনাৰ নামেৰে নামাঙ্কিত কৰিবলৈ অনুৰোধ জনাই তেওঁ কয় যে মহাপুৰুষসকলৰ অৱদান অসম তথা ভাৰতৰ কৃষ্টি-সংস্কৃতিৰ সৈতে জড়িত, সেয়েহে ৰে’লসমূহৰ নামাকৰণে তেওঁলোকৰ স্মৃতিক সন্মান জনোৱা হ’ব। শইকীয়াই কভিড -১৯ মহামাৰীৰ সময়ত বন্ধ হৈ থকা বিভিন্ন ৰে’লৰ ষ্টপেজ পুনৰ আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও দোহাৰে । বিশেষকৈ খৈৰাবাৰী, ডেকাৰগাঁও, গোৰেশ্বৰ, মাজবাট, টংলা আৰু উদালগুৰি ৰে’ল ষ্টেচনত ৰৈ যোৱা ৰে’লসমূহৰ ষ্টপেজ পুনৰ আৰম্ভ কৰাৰ জৰিয়তে স্থানীয় ৰাইজৰ সুবিধা নিশ্চিত কৰিব পাৰি।উল্লেখযোগ্যভাৱে, শইকীয়াই ডিব্ৰুগড়-গুৱাহাটী ৰেলপথত ৰঙিয়া আৰু ওদালগুৰি হৈ নতুনকৈ বন্দে ভাৰত এক্সপ্ৰেছ চলাবলৈও দাবী উত্থাপন কৰে। এই ৰে’লখনে উচ্চ গতিসম্পন্ন সুবিধাসমূহ আগবঢ়াই উত্তৰ-পূৰ্বাঞ্চলৰ যাত্ৰীৰ বাবে এক নতুন বিকল্প সৃষ্টি কৰিব। যাতায়াতৰ সুবিধাৰ স্বাৰ্থত গুৱাহাটী-জগদলপুৰ (উৰিষ্যা) পোনপটীয়া নতুন ৰে’ল সেৱা আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। উক্ত ৰে’ল সেৱা আৰম্ভ হ’লে অসম-উৰিষ্যা সংযোগডা অধিক সুদৃঢ় হোৱাৰ লগতে অসমৰ উড়িয়া জনগোষ্ঠীৰ যাতায়াতৰ অসুবিধা দূৰ হ’ব৷