গুৱাহাটী জিলা পুথিভঁৰালত কনকলতাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গুৱাহাটী জিলা পুথিভঁৰালত কনকলতাৰ জন্ম শতবাৰ্ষিকী উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাধীনতা আন্দোলনৰ অমৰ শ্বহীদ বীৰাগংনা কনকলতাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত কিশোৰ -কিশোৰী সমাৱেশ অনুষ্ঠিত হয়। দিনৰ ১১.৩০ বজাত সুসজ্জিত শোভাযাত্ৰাই দীঘলীপুখুৰীৰ চাৰিওফালে পৰিক্ৰমা কৰে। কিশোৰ -কিশোৰীসকলে ” শ্বহীদ কনকলতা অমৰ হওঁক, শ্বহীদ কনকলতাৰ আদৰ্শৰে নিজকে গঢ়ি তোলক , শ্বহীদ কনকলতাৰ অপূৰিত সপোন গঢ়ি তোলাৰ সংগ্ৰামত নিজকে নিয়োজিত কৰক” আদি শ্লোগানেৰে ৰাজপথ মুখৰিত কৰি তোলে। এই শোভাযাত্ৰাৰ প্ৰতি ৰাস্তাৰ দুয়োকাষে থকা ৰাইজৰ সঁহাৰি আছিল অভূতপূৰ্ব। শোভাযাত্ৰাই লক্ষীৰাম বৰুৱা সদন প্ৰাঙ্গনত উপস্থিত হোৱাৰ পিছত শ্বহীদ কনকলতাৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে এছ ইউ চি আই (চি) দলৰ ৰাজ্যিক সম্পাদক তথা কেন্দ্ৰীয় কমিটিৰ সদস্য চন্দ্ৰলেখা দাসে। গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰে কমচোমল বাহিনীয়ে।ইয়াৰ পিছত আলোচনা সভাৰ কাম আৰম্ভ হয়। কমচোমলৰ আহ্বায়কদ্বয়ৰ উপস্থিতিত উদ্দেশ্য ব্যাখ্যা কৰে গাৰ্গী বড়ো কাকতিয়ে। মুখ্য বক্তা হিচাপে বক্তব্য দাঙি ধৰে এছ ইউ চি আই(চি) দলৰ ৰাজ্যিক সম্পাদক তথা জননেত্ৰী চন্দ্ৰলেখা দাসে। তেওঁ কয় যে আজি পাঠ্যপুথিত কনকলতা, ভগৎ সিং, নেতাজী সুভাষচন্দ্ৰ বসু, কুশল কোঁৱৰৰ জীৱন-সংগ্ৰামৰ কোনো উল্লেখ নাই। তেওঁলোকে বৃটিছ সাম্ৰাজ্যবাদীসকলৰ শাসন- শোষণৰ পৰা দেশবাসীক মুক্ত কৰিবলৈ জীৱন-যৌবন বলিদান দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। এই বীৰত্বপূৰ্ণ আত্মবলিদানৰ বিনিময়ত দেশ স্বাধীন হ’লেও দুখীয়া, নিপীড়িত মানুহে মুক্তি লাভ কৰা নাই। মূল্য বৃদ্ধি, শিক্ষা- চিকিৎসা, কৰ্মহীনতাৰ সমস্যাত সাধাৰণ মানুহ জৰ্জৰিত হৈ আছে। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলৰ নৈতিক মেৰুদণ্ড ভাঙি দিয়াৰ বাবে মদ-ড্ৰাগছ, অশ্লীলতা- অপসংস্কৃতিৰ ব্যাপক প্ৰচলন ঘটাই থকা হৈছে। এনে পৰিস্থিতিত শ্বহীদ কনকলতাৰ দৰে স্বাধীনতা আন্দোলনৰ অমৰ দেশপ্ৰেমিক সকলৰ জীৱন- সংগ্ৰামৰ চৰ্চাই নৱপ্ৰজন্মক সত্যসন্ধানী, নিৰ্ভীক, দেশপ্ৰেমিক হবলৈ উৎসাহিত কৰিব। তেওঁ উপস্থিত সকলো ছাত্ৰ- ছাত্ৰীক প্ৰকৃত মানুহ হোৱাৰ সাধনাত নিমজ্জিত হোৱাৰ লগতে নিজৰ বন্ধু – বান্ধবী, ভাই – ভনীয়েককক আজিৰ যুগৰ প্ৰকৃত দেশপ্ৰেমিক চৰিত্ৰৰ অধিকাৰী হবলৈ অনুপ্ৰাণিত কৰাৰ বাবে আহ্বান জনায়। আলোচনা সভাৰ পিছত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আগত ছাত্ৰ ছাত্ৰীসকলে দেশপ্ৰেমমূলক গীত কবিতা আৰু নৃত্য পৰিৱেশন কৰে।