গুৱাহাটী ছাত্ৰ সন্থাৰ দহ ঘন্টীয়া অনশন

গুৱাহাটী ছাত্ৰ সন্থাৰ দহ ঘন্টীয়া অনশন

ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ১০ ঘণ্টীয়া অনশন কাৰ্য্যসূচী  দীঘলীপুখুৰীপাৰত ৰূপায়ণ কৰে৷নিত্যব্যৱহাৰযোগ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, মূল্যবৃদ্ধি ৰোধত অসম চৰকাৰৰ চূড়ান্ত অকর্মণ্যতা তথা ব্যৰ্থতাৰ প্ৰতিবাদ আৰু শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীকে ধৰি সমগ্ৰ অসমৰ জিলা সদৰ বোৰত ১০ ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে।উক্ত কাৰ্য্যসূচীত নেতৃত্ব প্ৰদান কৰে সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলি, সম্পাদক টুটোমনি কলিতা, আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জিতেন কলিতা, সম্পাদক প্ৰাঞ্জল ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস, উপ সভাপতি বিপুল ৰাভাকে আদি কৰি ছাত্ৰ সন্থাৰ প্ৰায় ৭৫ জনে উক্ত কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে।আনহাতে, বিয়লি প্ৰায় ৪-০০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি বিপুল ৰাভা, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ব্ৰজেন ডেকাই এই ১০ ঘণ্টীয়া অনশনত অংশ গ্ৰহণকাৰী সদস্য সকলক পানী আৰু জুছ পান কৰাই অনশন কাৰ্য্যসূচী সমাপ্ত কৰে।