গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অগ্নিকাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জানিব পৰা মতে, অৰ্থ’পেডিক ডিপাৰ্টমেণ্টৰ (মাইন’ৰ অপাৰেচন থিয়েটাৰ)ত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। মহলাটোৰ গ্ৰাউণ্ড ফ্ল’ৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু পাছত অন্য মহলালৈও জুই সম্প্ৰসাৰিত হয়। প্ৰাৰম্ভিক অৱস্থাত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। গ্ৰাউণ্ড ফ্ল’ৰৰ লগতে প্ৰথম মহলালৈও জুই প্ৰসাৰিত হয়। এই ঘটনাৰ পাছতে ৰোগী আৰু অভিভাৱকসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। কি কাৰণে, কেনেকৈ এই জুইৰ সূত্ৰপাত হ’ল এতিয়ালৈকে আনুষ্ঠানিক তথ্য প্ৰকাশ হোৱা নাই। ইয়াৰোপৰি এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰো তথ্য প্ৰকাশ পোৱা নাই। জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত চিকিৎসা মহাবিদ্যালয়খনত যথেষ্ঠ সংখ্যক ৰোগী ভৰ্তি হৈ আছিল। অগ্নিকাণ্ড সংঘটিত হোৱা বিল্ডিংৰ দ্বিতীয় মহলাত আছিল ৬-৭ গৰাকী ৰোগী। অৱশ্যে আটাইকেইজন নিৰাপদে আছে। ঘটনা সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়খনে আনুষ্ঠানিক তথ্য প্ৰকাশ কৰাৰ পাছতে সবিশেষ জানিব পৰা যাব। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান অব্যাহত আছে তদন্ত। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।