গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ একাডেমীক হলত গৱেষণা সম্বন্ধীয় প্ৰবন্ধ লিখনিৰ ওপৰত দুখন কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ একাডেমীক হলত গৱেষণা সম্বন্ধীয় প্ৰবন্ধ লিখনিৰ ওপৰত দুখন কৰ্মশালা অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ১৭,১৮ আৰু ২০,২১ মাৰ্চত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ একাডেমীক হলত গৱেষণা সম্বন্ধীয় প্ৰবন্ধ অথবা থেচিছ লিখনিৰ ওপৰত দুখন কৰ্মশালা অনুষ্ঠিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু কানপুৰৰ ইনষ্টিটিউট অৱ এপ্লাইড স্তাতিষ্টিক্স্ ৰ যৌথ উদ্যোগত আয়োজিত উক্ত কৰ্মশালা খনিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ডেৰশৰ ও অধিক স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই ১৭ মাৰ্চত আনুষ্ঠানিকভাৱে কৰ্মশালাৰ উদ্বোধন কৰে । কমিউনিটি মেডিচিন বিভাগৰ মূৰব্বী অধ্যাপিকা ডাঃ যুতিকা ওজা, সহকাৰী অধ্যাপিকা ডাঃ মেহজৱীন হাইদৰ হাজৰিকাৰ তত্বাৱধানত আয়োজিত কৰ্মশালা খনত গৱেষণা সম্বন্ধীয় প্ৰবন্ধ (থেচিছ ) লিখনিৰ বিভিন্ন বিষয়ৰ ওপৰত বিশদ ভাৱে আলোচনা কৰা হয়। গৱেষণাৰ বিষয়বস্তু, বিষয়ৰ পাতনি, হাইপোথেচিছ, গৱেষণা সম্বন্ধীয় বিভিন্ন প্ৰমাণ-পদ্ধতি, গৱেষণাৰ আলোচনা, পূৰ্বে প্ৰকাশিত উল্লেখযোগ্য গৱেষণা মূলক লিখনি আদিৰ বিষয়ে বিস্তাৰিত ভাৱে আলোকপাত কৰা হয়। উত্তৰ প্ৰদেশৰ কানপুৰৰ ইনষ্টিটিউট অৱ এপ্লাইড স্তাতিষ্টিক্স্ আৰু ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয়ৰ বহু কেইগৰাকী সমল ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকল যথেষ্ট উপকৃত হয় ।