গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাইজৰ বাবে মুকলি হ’ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰা বহু প্ৰতীক্ষিত দলং। এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে আনুষ্ঠানিভাৱে মুকলি কৰিলে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু । যোগাযোগৰ ক্ষেত্ৰত সোণত সুৱগা চৰাই গুৱাহাটী-উত্তৰ গুৱাহাটীৰ এই দলঙক বিকাশৰ মহাসেতু বুলি মন্তব্য কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।উল্লেখ্য যে ডিব্ৰুগড়ৰ মৰাণৰ পৰা শনিবাৰে দুপৰীয়া উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত যোগাযোগৰ ৰূপত শক্তিশালী মাধ্যম হিচাপে থিয় দিয়া এই অত্যাধুনিক দলংখন ৰিম’ট কন্ট্র’লৰ বুটাম টিপি আনুষ্ঠানিকভাবে উদ্বোধন কৰে। মৰাণৰ পৰা গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্রীগৰাকীক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি আৰু অগপৰ কেইবাজনো নেতাই আদৰণি জনায় । বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্রীয়ে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুলৈ আহে আৰু আনুষ্ঠানিকভাৱে সেতুখন উদ্বোধন কৰে । দিনৰ প্ৰায় ১.১৫ বজাত প্ৰধানমন্ত্রীয়ে সেতুখন উদ্বোধন কৰি কিছুসময় অতিবাহিত কৰি অত্যাধুনিক সেতুখন পৰিদৰ্শন কৰি ব্ৰহ্মপুত্র নদীৰ সৌন্দৰ্য উপভোগ কৰে ।

প্ৰধানমন্ত্ৰীৰ এই পৰিদৰ্শনৰ সময়ছোৱাত তেওঁক সংগ দিলে ৰাজ্যপাল আৰু মুখ্যমন্ত্রী ড° শৰ্মাই। উল্লেখ্য যে ছয় শাখাযুক্ত এক্সট্রাড’জড পিট্রেছড কংক্রিট (ইপিএছচি) কুমাৰ ভাস্কৰ বৰ্মা দলংখনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ প্ৰথমখন এক্সট্রাড’জড দলং হিচাপে পৰিগণিত হ’ব। ইয়াৰ ফলত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাত্ৰাৰ সময় ৭ মিনিটলৈ হ্রাস পাব। অঞ্চলটোৰ উচ্চ ভূমিকম্প প্ৰৱণতাক বিবেচনা কৰি দলংখনত ঘৰ্ষণ পেণ্ডুলাম বিয়াৰিঙৰ লগতে ভিত্তি পৃথকীকৰণ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। স্থায়িত্ব আৰু দীর্ঘম্যাদী গাঁথনিত কার্যক্ষম নিশ্চিত কৰিবলৈ উচ্চ কার্যক্ষম ষ্টে’ কেৱল ব্যৱহাৰ কৰা হৈছে। সঠিক সময়ৰ অৱস্থা নিৰীক্ষণ, আগতীয়াকৈ ক্ষতি ধৰা পেলোৱা আৰু এক্সট্রাড’জড সম্পন্ন দলংখনৰ উন্নত সুৰক্ষা আৰু সেৱাৰ বাবে এটা দলং স্বাস্থ্য নিৰীক্ষণ ব্যৱস্থাও (বিএইচএমএছ) অন্তর্ভুক্ত কৰা হৈছে। আজি কুমাৰ ভাস্কৰ বৰ্মা দলং উদ্বোধনৰ পাছতে খানাপাৰাত দলৰ বুথ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ দিনত ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিখন দলং নির্মাণ হোৱাৰ বিপৰীতে বিজেপিৰ ১০-১১ বছৰীয়া কাৰ্যকালত ৫খনকৈ দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নির্মাণ হোৱা বুলি মন্তব্য কৰিলে। প্ৰধানমন্ত্ৰীয়ে কয়- ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ সদায়ে প্রত্যাহ্বানমূলক। ব্ৰহ্মহ্মপুত্ৰৰ দৰে বিশাল নদীৰ ওপৰত দলং নিৰ্মাণ সহজ বিষয় নহয়। অসমৰ আয়ুসৰেখা হিচাপে পৰিচিত এনে এখন বিশাল নদীৰ ওপৰত তিনিখন দলং নিৰ্মাণ, ইয়াৰ দ্বাৰা অসম তীব্ৰ উন্নয়নৰ দিশলৈ যোৱা সম্ভৱনে? কুমাৰ ভাস্কৰ বৰ্মা দলঙে যোগাযোগৰ ক্ষেত্ৰত অৰিহণা যোগোৱাই নহয়, ই হ’ব উন্নয়নৰ অন্যতম উদাহৰণ।

কুমাৰ ভাস্কৰ বৰ্মা দলং উদ্বোধনৰ পাছতে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্যৱস্থাপনা আৰু বিত্তীয় শিক্ষাৰ ক্ষেত্ৰত অসমলৈ আগবঢ়ালে আন এক বিশেষ উপহাৰ। প্রধানমন্ত্রী মোদীয়ে মুকলি কৰে আইআইএম গুৱাহাটীৰ অস্থায়ী চৌহদ। কামৰূপৰ বঙৰাত আগন্তুক কিছু বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হ’ব আইআইএম গুৱাহাটীৰ সম্পূৰ্ণ চৌহদ। ৫৫৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বিত্তীয় শিক্ষাৰ প্রতিষ্ঠানখনে অসমৰ লগতে উত্তৰ-পূবলৈ শৈক্ষিক বিপ্লৱ আনিব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্রধানমন্ত্রীয়ে এই অনুষ্ঠানতে ভার্চুৱেলী কামৰূপ জিলাৰ আমিনগাঁৱত স্থাপন কৰা উত্তৰ-পূবৰ বাবে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰটোও ভার্চুৱেলী উদ্বোধন কৰে। এই কেন্দ্ৰটোৱে অনুমোদিত ভাৰ ৮.৫ মেগাৱাট আৰু প্ৰতি ৰেকত গড় ৰেক ১০ কিলোৱাট ক্ষমতাসম্পন্ন এই অত্যাধুনিক ডাটা চেণ্টাৰটোৱে বিভিন্ন চৰকাৰী বিভাগৰ মিছন-ক্রিটিকেল এপ্লিকেচনৰ ব্যৱস্থা কৰাৰ লগতে অন্যান্য ৰাষ্ট্ৰীয় ডাটা চেণ্টাৰৰ বাবেও দুর্যোগ পুনৰ উদ্ধাৰৰ কেন্দ্ৰ হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা উত্তৰ-পূবৰ ৰাজ্যসমূহে অত্যাৱশ্যকীয় নাগৰিককেন্দ্ৰিক সেৱাসমূহ ডিজিটেলী সুবিধা প্রদান কৰিব পাৰিব। প্রধানমন্ত্রী মোদীয়ে পিএম-ই বাছ সেৱা আঁচনিৰ অধীনত গুৱাহাটীৰ বাবে ১০০খন, নাগপুৰৰ বাবে ৫০খন, ভাৱনগৰৰ বাবে ৫০খন আৰু চণ্ডীগড়ৰ বাবে ২৫খন মুঠ ২২৫খন বৈদ্যুতিক বাছৰ ফ্লেগ অফ কৰে।অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, মন্ত্রী কেশৱ মহন্ত, মন্ত্রী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
