গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশৰ শপতগ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশৰ শপতগ্ৰহণ

দিছ্পুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী জ্যেষ্ঠ অধিবক্তাই অতিৰিক্ত ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য ন্যায়াধীশ (ভাৰপ্ৰাপ্ত) লানুছুংকুম জমিৰে এন উন্নী কৃষ্ণণ নায়াৰ আৰু কৌশিক গোস্বামীক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত ন্যায়াধীশ ক্ৰমে মানস ৰঞ্জন পাঠক, সুমন শ্যাম, অচিন্ত মল্ল বুজৰবৰুৱা, কল্যাণ ৰায় সুৰাণা, অজিত বৰঠাকুৰ, মনীষ চৌধুৰী, সৌমিত্ৰ সইকীয়া, পাৰ্থিৱজ্যোতি শইকীয়া, ৰবীন ফুকন, দেৱাশীষ বৰুৱা, মালাশ্ৰী নন্দী, সুস্মিতা ফুকন খাউণ্ড, কাৰডাক এটে আৰু মৃদুল কুমাৰ কলিতা প্ৰমূখ্যে উচ্চ ন্যায়ালয়ৰ অধিবক্তা, বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।