গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুপ্তহত্যাৰ গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ক্লিনশ্বীট
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ক্লিনশ্বীট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। গুপ্তহত্যাৰ গোচৰক লৈ পূৰ্বে দিয়া ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে। পূৰ্বে গুপ্তহত্যাৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া আয়োগখনক আখ্যা দিছিল আসাংবিধানিক। এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল অজিত ভূঞা আৰু অনন্ত কলিতাই। প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰি পূৰ্বৰ ৰায় বাহাল ৰাখিলে ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰে গঠিত বিচাৰপীঠে আজি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে।