গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ডাঃ সংগীতা দত্তৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত মঙলবাৰে তোলনীয়া সন্তানক অকথ্য নিৰ্যাতন চলোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চিকিৎসক ডাঃ সংগীতা দত্তই জামিন লাভ কৰিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ডাঃ সংগীতা দত্তক এক লাখ টকাৰ জামিন বণ্ড আৰু একে পৰিমাণৰ দুজন জামিনদাৰৰ বিপৰীতে জামিন প্রদান কৰে। জামিনৰ নিৰ্দেশনাত ন্যায়ালয়ে অভিযুক্ত ডাঃ সংগীতা দত্তক কেবাটাও চৰ্ত বান্ধি দিছে । তেওঁ ভুক্তভোগী শিশু দুটিৰ কাষ চাপিব নোৱাৰিব । একেদৰে গোচৰৰ সাক্ষীক কোনো ধৰণৰ ভয়, ভাবুকি প্ৰদান কৰিব নোৱাৰিব । বিচাৰ প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা কৰিব আৰু আদালতে বিচৰা সময়ত হাজিৰ হ’ব লাগিব আদিকে ধৰি কেইবাটাও চৰ্ত বান্ধি দিয়ে ।বিশেষতঃ ডাঃ সংগীতা দত্তক বিচাৰ প্ৰক্ৰিয়াত সহযোগ কৰা আৰু তেওঁক স্বাধীনতাৰ অপব্যৱহাৰ নকৰিবলৈ আদালতে নির্দেশ প্রদান কৰে। ২০২৩ চনৰ ৬ মে’ত তোলনীয়া দুই সন্তানৰ ওপৰত যৌন নির্যাতন তথা শাৰীৰিক-মানসিক অত্যাচাৰ চলাই শিশু বিশেষজ্ঞ হিচাপে পৰিচিত ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ডাঃ বালিউল ইছলাম গ্ৰেপ্তাৰ হৈছিল। প্ৰায় দুটা বছৰৰ পিছত ডাক্তৰ স্বামী ৱালিউল ইছলামে ২০ দিন পূর্বে জামিনত মুক্তিলাভ কৰিছিল। আনহাতে উচ্চ ন্যায়ালয়ৰ লগতে বিশেষ আদালততো জামিনৰ বাবে আবেদন কৰি ডাঃ সংগীতা দত্ত বাৰম্বাৰ বিমুখ হ’বলগা হৈছিল। অৱশেষত মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ডাঃ সংগীতা দত্তৰ জামিন মঞ্জুৰ কৰে। ডাঃ সংগীতা দত্তৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা এন জে দত্তই। আদালতত অধিবক্তা এন জে দত্তই অভিযুক্তৰ হৈ যুক্তি প্ৰদৰ্শন কৰি কয় যে তেওঁৰ ক্লায়েন্টক গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে যাৱতীয় বিধি-বিধান মানি চলা নাছিল। তদুপৰি অধিবক্তা গৰাকীয়ে দীর্ঘদিন কাৰাগাৰত থকাৰ বাবে তেওঁৰ বিচাৰ যুক্তিসংগত গতিৰে আগবাঢ়িব বুলি সন্দেহ প্রকাশ কৰে। অধিবক্তা দত্তই আঙুলিয়াই দিয়ে যে এই গোচৰৰ এজাহাৰ দাখিল কৰা হৈছিল ২০২৩ চনৰ ৫ মে’ত। একে বছৰৰ ৭ জুলাইত গোচৰৰ চার্জশ্বীট দিয়া হৈছিল। ২০২৪ চনৰ ২৪ জুনত অভিযোগ ফ্রেমৱৰ্ক কৰা হৈছিল আৰু জামিন আবেদন দাখিল নোহোৱালৈকে মুঠ ৭৪জনৰ ভিতৰত মাত্র ১৫জন সাক্ষীৰহে সাক্ষ্য লোৱা হৈছিল। গোচৰটোৰ শুনানিৰ পিছত ন্যায়াধীশ অঞ্জনমণি কলিতাই সহযোগী অভিযুক্ত ডাঃ বালিউল ইছলামৰ জামিনৰ বিষয়টোও অধ্যয়ন কৰে আৰু অৱশেষত বিশেষ গোচৰ নং ১১/২০২৩ৰ বিপৰীতে পত্নী ডাঃ সংগীতা দত্তৰো জামিন মঞ্জুৰ কৰে। অৱশ্যে এইক্ষেত্ৰত আদালতে ডাঃ সংগীতা দত্তক তেওঁৰ পাছপ’ৰ্ট, আধাৰ কাৰ্ড, পান কার্ড ট্রায়েল ক’ৰ্টত জমা দিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে, তোলনীয়া সন্তানক অকথ্য নিৰ্যাতন কৰাৰ অভিযোগত চিকিৎসক দম্পতীৰ পকছো আইন, ২০১২ৰ অধীনত লগতে ১১২/২০২৩ নং গোচৰত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন জামিনবিহীন ধাৰাৰ অধীনত পল্টনবজাৰ থানাত গোচৰ ৰুজু কৰা হৈছিল ।২০২৩ চনৰ ৫ মে’ত ডাঃ ৱালিউল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৬ মে’ৰ মাজনিশা খানাপাৰাৰ গ্ৰীণউড ৰিজ’ৰ্টৰ পিছফালে এগৰাকী বান্ধৱীৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাঃ সংগীতা দত্তক ।
