গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্রহণ আশুতোষ কুমাৰৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্রহণ আশুতোষ কুমাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে দায়িত্ব গ্রহণ কৰে । সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। আজি ৰাতিপুৱা ১০ বজাত পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই শপত বাক্য পাঠ কৰায় মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰক। এই শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তাসকল উপস্থিত থাকে । ইয়াৰ পূৰ্বে পাটনা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল আশুতোষ কুমাৰে। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শৰ ভিত্তিত তেওঁক কেন্দ্রীয় আইন আৰু ন্যায় বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে।ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছত এই নিযুক্তি সম্পৰ্কীয় অধিসূচনা জাৰি কৰা হয়। সেই অনুসৰি আজি শপত গ্ৰহণ কৰে ন্যায়াধীশগৰাকীয়ে। মুঠ ৫ খনকৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিছিল ৰাষ্ট্ৰপতিয়ে।কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ স্বাক্ষৰিত অধিসূচনা অনুসৰি, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, গুৱাহাটী আৰু পাটনা উচ্চ ন্যায়ালয়ত নতুনকৈ মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত কলেজিয়ামে বিভিন্ন উচ্চ ন্যায়ালয়ৰ সেই ন্যায়াধীশসকলক পদোন্নতি আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিছিল।