গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে আশুতোষ কুমাৰক নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ কেইবাখনো উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে ৷ সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৫খনকৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিয়ে।কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি মধ্যপ্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, গুৱাহাটী আৰু পাটনা উচ্চ ন্যায়ালয়ত নতুনকৈ মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। সেই অনুসৰি পাটনা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি থকা আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে ৷
একেদৰে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সঞ্জীৱ সচদেবাক একেখন উচ্চ ন্যায়ালয়ৰে মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে ৷ আনহাতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল বিভু বাখ্ৰুৱে ৷ বাখ্ৰুক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ৷ ইপিনে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি থকা বিপুল মানুভাই পাঞ্চোলীক একেখন উচ্চ ন্যায়ালয়ৰেই মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ৷ কিয়নো, পূৰ্বৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰক বদলি কৰা হৈছে গুৱাহাটীলৈ ৷
আনহাতে হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তাৰ্লোক সিং চৌহানক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে ৷ একেদৰে এতিয়াৰে পৰা মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে মনিন্দ্ৰ মোহন শ্ৰীবাস্তৱক নিযুক্তি দিয়া হৈছে ৷ ইয়াৰ পূৰ্বে তেওঁ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অপৰেশ কুমাৰ সিঙক নিযুক্তি দিয়া হৈছে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে ৷
ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব এম এছ ৰামচন্দ্ৰ ৰাও ৷ তেওঁ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কে আৰ শ্ৰীৰামক নিযুক্তি দিয়া হৈছে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ৷
উল্লেখ্য যে এই মুখ্য ন্যায়াধীশৰ বদলিৰ সিদ্ধান্ত বিগত ২৬মে’ত অনুষ্ঠিত হোৱা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই নেতৃত্বাধীন কলেজিয়ামে গ্ৰহণ কৰিছিল ৷ সেই অনুসৰি কলেজিয়ামৰ এই প্ৰস্তাৱত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ পিছতে তেওঁলোকৰ নতুন নিযুক্তি সম্পৰ্কীয় অধিসূচনা জাৰি কৰে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰণালয়ে ৷