গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ বোমাতংক
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ বোমাতংক। বৃহস্পতিবাৰে দিনৰ ভাগত অজ্ঞাত স্থানৰ পৰা অহা এক ভাবুকিভৰা ই-মেইলৰ পিছতে আদালত চৌহদত আতংকৰ সৃষ্টি হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দিনৰ প্ৰায় ১২ বজাত ই-মেইলটো প্রশাসনে লাভ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ই-মেইলটোত প্ৰদান কৰা হৈছিল। সূত্রটোৱে জনোৱা মতে, দক্ষিণ ভাৰতৰ এটা অখ্যাত সংগঠনৰ পৰা ই-মেইলটো প্ৰেৰণ কৰা হৈছিল। খবৰ পোৱা মাত্রকে কেন্দ্ৰীয় আৰক্ষী জিলাৰ উপ-আৰক্ষী আযুক্ত অমিতাভ বসুমতাৰীৰ নেতৃত্বত বৃহৎ এটা আৰক্ষীৰ দলে সন্দেহজনক বোমা বিচাৰি তন্ন তন্নকৈ আদালত চৌহদত অভিযান চলায়। আৰক্ষীয়ে বোমা বিশেষজ্ঞৰো সহায় লয়। কেইবাঘণ্টাজুৰি চলোৱা অভিযানৰ অন্তত কোনোধৰণৰ সন্দেহজনক সামগ্রী উদ্ধাৰ নহ’ল। উল্লেখ্য যে বিগত ২২ এপ্রিলত গুৱাহাটী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিৰে দুর্বৃত্তই ই-মেইল প্ৰেৰণ কৰিছিল। সেই সময়তো আৰক্ষীয়ে বোমা বিশেষজ্ঞসহ কেইবাঘণ্টাজুৰি তন্ন তন্নকৈ তালাচী চলোৱাৰ পাছতো কোনোধৰণৰ বোমা উদ্ধাৰ কৰিব পৰা নাছিল। বৃহস্পতিবাৰে পুনৰ একেটা ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ পাছতে স্বাভাৱিকতে উত্থাপিত হৈছে এয়া দুর্বৃত্তৰ সকীয়নি নে তথ্য-প্রযুক্তিৰ সহায় লৈ কোনো অখ্যাত লোকে কৰা ধেমালি নেকি? আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত অব্যাহত ৰখাৰ লগতে এই সন্দর্ভত কেন্দ্রীয় নিৰাপত্তা সংস্থাকো অৱগত কৰা হ’ব বুলি উচ্চস্তৰীয় সূত্ৰটোৱে সদৰী কৰিছে।