গুৱাহাটী আৰ্টিষ্টছ গীল্ডত ড°বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত স্মৃতিচাৰণ সভা
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ সভাকক্ষত ২৪ অক্টোবৰত সদস্য সকলৰ উপস্থিতিত অনুষ্ঠিত এখনি সভাত লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক , সংগীতজ্ঞ , গায়ক , শিক্ষাবিদ তথা গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ প্ৰতিষ্ঠা কালৰে পৰা অনুষ্ঠানটিৰ অগ্ৰগতিত আন্তৰিক প্ৰয়াস আগবঢ়াই অহা ডঃ বীৰেন্দ্ৰ নাথ দত্তৰ পৰলোক প্ৰাপ্তিত গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ অসমৰ জাতীয় জীৱনৰ মহীৰূহ স্বৰূপ , গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ আজীৱন সদস্য এই গৰাকী পুৰোধা ব্যক্তিৰ বহুমুখী অৱদানক সভাত বহুজনে শ্ৰদ্ধাৰে স্মৰণ কৰে । সভাত এক মিনিট সময় মৌনতা অৱলম্বন কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰা হয় , লগতে সভাত এক প্ৰস্তাৱ যোগে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰা হয়৷