গুৱাহাটীৰ স্কুলসমূহৰ পাঠদানৰ সময়সূচীক লৈ নতুন নিৰ্দেশনা জাৰি
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত বর্তমানো অব্যাহত আছে গ্রীষ্ম প্ৰৱাহৰ প্ৰকোপ। গ্রীষ্ম প্ৰৱাহৰ বাবে কামৰূপ (মেট্ৰ’) জিলাৰ পাঠদানৰ সময়ক লৈ নতুন নির্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে, অহা ৩১ জুলাইত শেষ হ’ব বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ। ১ আগষ্টৰ পৰা বিদ্যালয়সমূহত পুনৰ আৰম্ভ হ’ব পাঠদান।এই নিৰ্দেশনা কামৰূপ মেট্ৰ’ৰ IS-DEEO দিপীকা চৌধুৰীয়ে জাৰি কৰিছে । অহা ১ আগষ্টৰ পৰা গুৱাহাটীৰ শিক্ষানুষ্ঠানত প্ৰযোজ্য হ’ব এই নতুন নির্দেশনা। পুৱা ৭:৩০ বজাৰ পৰা সকলো শ্ৰেণীতে আৰম্ভ হ’ব পাঠদান। অৱশ্যে ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি থাকিব তাৰতম্য।নিম্ন প্রাথমিক বিদ্যালয়ৰ ছুটীৰ সময় পুৱা ১১:৩০ বজা। আনহাতে, উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ছুটী হ’ব দুপৰীয়া ১২ বজাত।মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত পাঠদান চলিব দুপৰীয়া ১ বজা পর্যন্ত। তদুপৰি, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতো প্রযোজ্য হ’ব এই নির্দেশনা।