গুৱাহাটীৰ মহাবিদ্যালয়ৰ ছাত্ৰাবাসত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰাবাসত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ ।গুৱাহাটীৰ পাণ্ডু কলেজৰ অম্বিকাগিৰী ৰায়চৌধুৰী ছাত্ৰাবাসৰ শৌচাগাৰত উদ্ধাৰ হয় ৰুবাইল আলম নামৰ এজন ছাত্ৰৰ মৃতদেহ। বিজ্ঞান শাখাৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ ৰুবাইল আলমৰ মৃতদেহ ছাত্ৰাৱাসৰ এটা শৌচাগাৰত উদ্ধাৰ হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয়। পাণ্ডু মহাবিদ্যালয়ৰ অম্বিকাগিৰী ৰায়চৌধুৰী ছাত্ৰাৱাসৰ ১০নং কোঠাৰ আৱাসী আছিল ৰুবাইল আলম। বিগত দুদিন ধৰি ছাত্ৰাৱাসৰ আৱাসীসকলে ওচৰৰ ক’ৰবাৰ পৰা অহা দুর্গন্ধ পাইছিল। আৰু ইয়াৰ উৎস বিচাৰি আৱাসীসকলে শৌচাগাৰত চিপ লৈ থকা অৱস্থাত ৰুবাইলক প্রত্যক্ষ কৰি ছাত্ৰাৱাসৰ ৱাৰ্ডেনক অৱগত কৰে। মহাবিদ্যালয় কর্তৃপক্ষই ঘটনাৰ বিষয়ে জালুকবাৰী থানাত অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ৰুবাইলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। হোষ্টেলৰ আৱাসীসকলে জানিবলৈ দিয়া মতে, যোৱা ১২ ডিচেম্বৰৰ বিয়লি ৫ বজাত ৰুবাইল ছাত্ৰাৱাসৰ পৰা ওলাই গৈছিল। তেতিয়াৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল ৰুবাইল। ইফালে ৰুবাইল ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকা ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ১৫ ডিচেম্বৰত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দখিল কৰিছিল। নিৰুদ্দিষ্ট হৈ থকা ৰুবাইল আলমক বিচাৰি ছাত্ৰাৱাসৰ ৱাৰ্ডেন আৰু কলেজ কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ নকৰাৰ লগতে আৰক্ষীকো অৱগত কৰা নাছিল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি বন্ধুৰ প্ৰৰোচনাত পৰি ৰুবাইল অনলাইন গেম আৰু ট্রেডিঙৰ প্ৰতি আকর্ষিত হৈছিল। শেহতীয়াকৈ ৰুবাইলৰ মাতৃয়ে হোজাইৰ বাসগৃহৰ এটুকুৰা ভূমি বিক্ৰী কৰি দুই বন্ধুক ৭০ হাজাৰ টকা আদায় দিছিল। ৰুবাইলক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। আনহাতে আৰক্ষীয়ে ৰুবাইলে আত্মহত্যাৰ দৰে পথ বাছি লোৱাৰ সন্দেহ প্রকাশ কৰিছে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব মেধাৱী ছাত্ৰজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য।
