গুৱাহাটীৰ ভেটাপাৰত পুথিভঁৰাল উদ্বোধন

গুৱাহাটীৰ ভেটাপাৰত পুথিভঁৰাল উদ্বোধন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- অন্যতম সামাজিক অনুষ্ঠান ‘দৰদ ‘ ৰ উদ্যোগত আৰু ‘সহযাত্ৰা ‘ নামৰ আন এটি সামাজিক অনুষ্ঠানৰ সহযোগত গুৱাহাটীৰ ভেটাপাৰাৰ মিলন নগৰত ২৯ মাৰ্চত এটি পুথিভঁৰাল উদ্বোধন কৰা হয়। পুথিভঁৰালটো উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই। পুথিভঁৰালটো উদ্বোধন কৰি বৈশ্যই কয় যে গ্ৰন্থ অধ্যয়নৰ অভ্যাস হঠাৎ গঢ়ি নুঠে। সেয়ে ছাত্ৰ অৱস্থাৰ পৰাই গ্ৰন্থ অধ্যয়ন কৰা উচিত। তেওঁ আৰু কয় যে শিক্ষাৰ্থীৰ মাজত অধ্যয়ন স্পৃহা বৃদ্ধিত শিক্ষকসকলে মাৰ্গদৰ্শক হিচাপে আগভাগ লোৱা উচিত। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য দাঙি ধৰি ধমধমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড.গৌতম চন্দ্ৰ দাসে ‘দৰদ ‘ জন্ম লগ্নৰ কথা স্মৰণ কৰি অনুষ্ঠানটোৱে কিদৰে বিপদক সম্পদ আৰু দুৰ্যোগক সুযোগলৈ পৰিবৰ্তন কৰিছে তাক বহলাই ব্যাখ্যা কৰে। অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড. অনুপম কুমাৰ ৰয়, বিশিষ্ট সমাজকৰ্মী ক্ৰমে ভবেন বৰা, গণেশ চন্দ্ৰ গোস্বামী আৰু নগেন্দ্ৰ নাথ দাসে বিশিষ্ট অতিথি হিচাপে ভাষণ দি এই পুথিভঁৰালটোৱে ভেটাপাৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে পঢ়ুৱৈ সকলক বিশেষ ভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী ৰহমত উল্লাই। পুথিভঁৰালটোৰ অন্যতম প্ৰতিষ্ঠাপক হেমেন কলিতাই অনুষ্ঠানটো সাফল্য মণ্ডিত কৰা বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত ‘দৰদ’ৰ সভাপতি নৃপেন হাজৰিকায়ো ভাষণ দিয়ে। দৰদৰ সদস্য হিতেশ কুমাৰ পাটগিৰীয়ে আদৰণী ভাষণ দিয়ে।