গুৱাহাটীৰ বিভিন্ন স্থানত এবিভিপি কটন বিশ্ববিদ্যালয় গোটৰ বিহু পৰিৱেশন

গুৱাহাটীৰ বিভিন্ন স্থানত এবিভিপি কটন বিশ্ববিদ্যালয় গোটৰ বিহু পৰিৱেশন

ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কটন বিশ্ববিদ্যালয় গোট আৰু শ্বহীদ ৰঞ্জীত বৰপূজাৰী ছাত্ৰাৱাসৰ যৌথ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন বিশিষ্ট ব্যক্তিৰ ঘৰত ব’হাগ মাহৰ এই সময়ত বিহু পৰিৱেশন কৰা হয়। অতীজৰে পৰা প্ৰচাৰিত ব’হাগ মাহৰ এই বিহু মৰা পৰম্পৰা অক্ষুণ্ণ ৰাখি কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ কনকলতা বৰুৱা ছাত্ৰী নিবাস, ড° কমলা ৰয় ছাত্ৰী নিবাস, নলিনীবালা দেৱী ছাত্ৰী নিবাস, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক সকলৰ আৱাস, বিশ্ববিদ্যালয় খনৰ বিভিন্ন হোষ্টেল, গুৱাহাটীৰ চৌহদ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ নোমল মমিন, বিধায়ক ভৱেশ কলিতা আদিৰ বাসভৱনত বিহু পৰিৱেশন কৰা হয়।