গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হৈছে উত্তৰ-পূব বিজেপিৰ নিৰ্বাচনী বৈঠক

গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হৈছে উত্তৰ-পূব বিজেপিৰ নিৰ্বাচনী বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হৈছে উত্তৰ-পূব বিজেপিৰ নিৰ্বাচনী বৈঠক। এই বৈঠকত  অংশগ্ৰহণ কৰিছে উত্তৰ পূবৰ সংযোজক সম্বিত পাত্ৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত আছে অসম বিজেপিৰ সভাপতি ভৱেশ কলিতা, ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্য। বৈঠকত নিজৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘মণিপুৰৰ দুয়োখন আসন আমি লাভ কৰিম। পৰিস্থিতি–পৰিৱেশ এতিয়া আমাৰ অনুকুলে নাথাকিলেও আমি জিকিম। আমি উত্তৰ–পূবত ২৫খন আসনেই দখল কৰিব লাগিব। যিবোৰ কঠিন যেন লগা সমষ্টি, তাত আমি বেছি আগ্ৰাসী হ’ব লাগিব। NDAৰ মিত্ৰদলসমূহক লগত লৈয়েই আমি আগবাঢ়িম’’বিজেপিয়ে এইবাৰো ৩০০ৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৩০০ৰো অধিক আসন দখল কৰি তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী। পৰাজয় আশংকা থকা আসনত বিজয়ীৰ নিচান উৰুৱাব লাগিব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ দিল্লীত অসমৰ সকলো মন্ত্ৰী-সাংসদৰ বৈঠক অনুষ্ঠিত হ’ব।