গুৱাহাটীৰ পৰা ঋষিকেষলৈ  যাত্ৰা – প্ৰাণ প্ৰতিমা বড়া

 ভ্ৰমণ কাহিনী
গুৱাহাটীৰ পৰা ঋষিকেষলৈ  যাত্ৰা

প্ৰাণ প্ৰতিমা বড়া,গুৱাহাটী

( খণ্ড—১)

 মোৰ সৰুৰেপৰা এটা ভাললগা কাম হ’ল  বিভিন্ন ঠাই ভ্ৰমণ কৰা আৰু আৰু সেইঠাইৰ মানুহৰ  আচাৰ-ব্যৱহাৰৰ বিষয়ে বুজ লোৱা ৷ মোৰ ভন্তিয়ে প্ৰায় কিছুদিনৰ  আগৰেপৰা  শ্ৰীকেদাৰনাথ ধামলৈ যাবলৈ মোক কৈ আছিল ৷ মই প্ৰথম অৱস্থাৰপৰা অকণমান ভয় খাইছিলোঁ ৷ মনত সন্দেহ হৈছিল এই যাত্ৰা মোৰ দ্বাৰা সম্ভৱ হ’বনে? ভগৱানক সাক্ষী কৰি আমি যাত্ৰা আৰম্ভ কৰিলোঁ ৷গুৱাহাটীৰপৰা শ্ৰীকেদাৰনাথ ধামলৈ ৷ যোৱা —১৪ ছেপ্তেম্বৰৰ দিনাখন  পুৱা ৭-৩০ বজাত আমি ফ্লাইটত উৰা মাৰি প্ৰায় ৩ ঘন্টামানৰ পিছত দিল্লী এয়াৰপৰ্ট পালোঁ। দিল্লীৰ এয়াৰপৰ্ট যথেষ্ট ডাঙৰ আৰু ধুনীয়া ৷প্ৰথমবাৰৰ বাবে  মই দিল্লীৰ মাটিত  ভৰি দিলোঁ। মনটোত ভাবিব নোৱাৰা আনন্দই জোকাৰি গৈছিল। দিল্লী চোৱাৰ হেঁপাহ বহু বছৰৰ পৰাই মনত পুহি ৰাখিছিলোঁ ৷ অবুজ আনন্দত মনটো ভৰি পৰিছিল । আমাৰ  টিমত সাতজন সদস্য আছিল। মোৰ বৰদেউতাৰ ছোৱালী আৰু ১০ বছৰীয়া তেওঁৰ জী , মোৰ ভন্তি , আমাৰ কন্যা নিয়ৰকণা , টিম লিডাৰ হিচাপে আমাক গাইড কৰা ভন্তিৰ অফিচৰ ছিনিয়ৰ বাইদেউ শ্ৰদ্ধাৰ শিখা বৰঠাকুৰ , আৰু এজন ভাইটি ৰাতুল নাথ ৷ আমাৰ টিম লিদাৰ শিখা বাইদেওৰ তত্ত্বাৱধানত আমাৰ এটা দীঘলীয়া যাত্ৰা সফল সমাপ্তি ঘটিল বুলিব পাৰি  ৷  দিল্লীৰ বতাহৰ আমেজ লৈ মনটো ভৰি পৰিল যদিও আমাৰ মূল যাত্ৰা শ্ৰীকেদাৰনাথলৈ গতিকে দিল্লীখন চোৱাৰ হেঁপাহ পিছৰ ফাললৈ ৰাখি দেৱভূমিৰ অভিমূখে  আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ ৷
   এয়াৰপৰ্টত আগতেই Vendor ৰ জৰিয়তে ঠিক কৰি ইন’ভা গাড়ীৰে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ দিল্লীৰপৰা ঋষিকেষলৈ ৷ গাড়ীৰ চালকে কোৱাৰ ধৰণে আমি প্ৰায় ৭/৮ ঘন্টা যাত্ৰাৰ পিছত আমি ঋষিকেষ পোৱাৰ কথা ৷ যাত্ৰা ভাল লাগিছে ৷ সহযাত্ৰীসকলৰো মনৰ ভিতৰত এক উৎসাহ ৷ দিল্লীৰপৰা ঋষিকেষলৈ আমাৰ যাত্ৰা বৰ সুন্দৰভাৱে আৰম্ভ হ’ল ৷ বিশেষকৈ নিয়ৰকণা আৰু লিঞ্চিৰ লগতে ভাইটি ৰাতুলৰ উৎসাহত আমাৰ যাত্ৰা বৰ সুন্দৰকৈ আগবাঢ়িব ধৰিলে ৷  প্ৰায় ৪ ঘন্টামান যোৱাৰ পিছত আমি এখন ৰেষ্টুৰেণ্টত দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ। ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী লগতে কৰ্মচাৰীসকল আছিল নেপালী সম্প্ৰদায়ৰ লোক ৷ অত্যন্ত ডাঙৰ ৰেষ্টুৰেণ্টখন যথেষ্ট চাফচিকুণ আৰু লোকসকলৰ ব্যৱহাৰ আছিল অত্যন্ত মাৰ্জিত ৷ প্ৰায় ৪৫ মিনিটমান সময় আমি খোৱাবোৱাৰ বাবে অতিবাহিত কৰিলোঁ। খোৱা-বোৱা শেষ কৰি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ ৷ আমি যাত্ৰা কৰাৰ পথত পান-তামোলৰ কোনো দোকান দেখিবলৈ নাপালোঁ ৷ আমাৰ অসমত যেনেদৰে ৰাস্তাই-ঘাটে সৰু-সুৰা দোকান দেখা যায় কিন্তু আমি তেনেকুৱা দোকান দেখিবলৈ নাপালোঁ । তামোল অথবা পান এখন খোৱাৰ বৰকৈ ইচ্ছা  আছিল যদিও কিন্তু সেইকণ সৌভাগ্য আমাৰ নহ’ল ৷ ৰাস্তা-পদূলিবোৰ চাফা লগতে আহল-বহল ৷ নতুন ঠাইৰ পৰিবেশে মনটো একেবাৰে নষ্টালজিক কৰি তুলিছিল ৷ মনত অপাৰ আনন্দ আৰু হেঁপাহ ৷ প্ৰায় ৮-৯ ঘন্টা আমি গাড়ী ( ইন’ভা) ৰে যাত্ৰা কৰি সন্ধিয়া প্ৰায় ৬/ ৬-৩০ বজাৰ ভিতৰত আগতীয়াকৈ বুকিং কৰি থোৱা ঋষিকেষৰ এখন আটক ধুনীয়া বিলাসী হোটেলত উপস্থিত হ’লোঁ ৷ হোটেলখন একেবাৰে গংগাৰ পাৰতে আছিল ৷ আচলতে আমাৰ লগত যোৱা শিখা বাইদেওয়ে  গাড়ীৰ  লগতে হোটেলত থকাৰ সকলো ব্যৱস্থা আগতিয়াকৈ ঠিক কৰি থৈছিল ৷ কিয়নো তেখেতে বিভিন্ন দেশ-বিদেশ ভ্ৰমণ কৰাৰ অভিজ্ঞতা যথেষ্ট আছিল ৷ এক কথাত ক’বলৈ গ’লে তেখেত আমাৰ সাহস আছিল ৷ তেখেতৰ সাহসতে আমি ইমান দীঘলীয়া যাত্ৰা এটা কৰিবলৈ মৰসাহ কৰিছিলোঁ ৷ হোটেলখন যথেষ্ট ধুনীয়া আৰু চাফা আছিল ৷ অতিকৈ ভাললগা কথাটো হ’ল ঋষিকেষৰ মানুহবোৰ বৰ ভদ্ৰ আৰু অমায়িক আছিল ৷ হোটেলখনত সোমায়েই আমি বৰ সুন্দৰ পৰিবেশ এটাৰ সন্মুখীন হ’লোঁ ৷ হোটেলখনৰ আতিথ্য দেখি আমি অভিভূত হ’লোঁ ৷ হোটেলত সোমায়েই আমাৰ ফৰ্মেলিটিখিনি কৰি আজৰি হোৱাৰ পিছত আমাক চাকি-ধূপ আদি ধুনীয়াকৈ কাঁহী এখনত সজাই আমাক সকলকে কঁপালত চন্দনৰ ফোঁট দি , একোডালকৈ তুলসীৰ মালা পিন্ধাই আমাক আতিথ্য কৰিলে ৷ তেখেতসকল নেপালী সম্প্ৰদায়ৰ লোক বুলি জানিব পাৰিলোঁ ৷ অতি ভদ্ৰ আৰু অমায়িক স্বভাৱৰ লোককেইজনৰ মুখত অনবৰতে আছিল এটি কোমল হাঁহি ৷ সেই ঠাইৰ বিষয়ে আমি তেওঁলোকৰ মুখেৰে সবিশেষ জানিব পাৰি মনটো এক অজান আনন্দত উৎফুল্লিত হৈ পৰিল ৷ কিছুপৰ  আমি তেখেতসকলৰ লগত কথাবতৰা পাতি হোটেলৰ গাতে লাগি থকা গংগানদীৰ পাৰত আমি থিয় হ’লোঁ ৷ মনত অপাৰ আনন্দ ৷ সন্ধিয়াৰ সময় ৷ খৰস্ৰোতা গংগাৰ পাৰত থিয় হোৱাৰ লগে লগে এক মিঠা সমীৰণে মোৰ সৰ্বশৰীৰ জোকাৰি গ’ল ৷ সময়খিনি মোৰ বাবে আছিল এটি জীয়া সপোন  ৷ খৰস্ৰোতা গংগানদীৰ পানীৰ শব্দই মনত তোলপাৰ লগালে ৷ নদীৰ চাৰিওপিনে চকু ফুৰালোঁ ৷ সেই সময়খিনিত নদীৰ চাৰিওপিনে চাকিৰ পোহৰে জিলিকাই তুলিছিল ৷ সেই সময়খিনিত গংগা আৰতি আৰম্ভ হৈছিল ৷ নদীখনৰ ইটোপাৰে থকা পৰমাৰ্থ মন্দিৰৰ ঘাটত  আৰতি , ভজনে চৌপাশ ৰজনজনাই তুলিছিল ৷ এক সম্পূৰ্ণ ভক্তিপূৰ্ণ পৰিবেশ ৷ মনটো জীপাল হৈ পৰিল ৷ আকাশৰ বুকুত জোনটিৰ ফটফটীয়া পোহৰ লগতে গংগানদীৰ বুকুত অজস্ৰ চাকিৰ পোহৰে সমগ্ৰ পৰিবেশটো মোৰ বাবে নষ্টালজিয়া হৈ পৰিছিল ৷ মনটো অবুজ আনন্দই বিৰাজ কৰিছিল ৷ অজানিতে ক’ব নোৱাৰাকৈয়ে মনটো আৱেগিক হৈ পৰিছিল ৷ মনৰ আনন্দতে দুচকুৰে দুধাৰি চকুলো বৈ আহিছিল ৷ ধৰ্মশাস্ত্ৰত উল্লেখ থকা গংগা মাৰ কাহিনীবোৰে মনত তোলপাৰ লগাইছিল ৷ সঁচাকৈয়ে এক বুজাব নোৱাৰা অভিজ্ঞতাৰে সময়খিনি পাৰ কৰিছিলোঁ ৷ তেনেসময়তে এগৰাকী প্ৰায় ৬০ ৰ উৰ্ধৰ মহিলাই মোৰ ভন্তিৰ হাতত কেইগছীমান চাকি আৰু ফুল দিলে ৷ আমাৰ হাতত সেইসময়ত টকা নাছিল ৷ কাৰণ আমাৰ পাৰ্চ হোটেলৰ কোঠাত আছিল ৷ ভদ্ৰ মহিলাগৰাকীক ভন্তিয়ে টকা দিব পৰা নাছিল ৷ ভদ্ৰ মহিলাগৰাকীয়ে মিঠা হাঁহি এটা মাৰি হিন্দীয়ে ক’লে —— “ মাতা কি দ্বাৰ মে আয়ি হ’ , পেইচা আজ নেকি ত’ কাল হ’গা , ক’য়ি বাত নেহি , বাদ মে দে দেনা ৷ অভি দিয়া জ্বলা ল’ ৷“ আমি আচৰিত হৈ মহিলাগৰাকীলৈ চালোঁ ৷ মহিলাগৰাকীয়ে কথাখিনি কৈ সেই ঠাই ত্যাগ কৰিলে ৷ হিন্দীভাষী মহিলাগৰাকীৰ মুখত আছিল এটি মিঠা হাঁহি ৷  আমি কিবা এটা কোৱাৰ আগতে মহিলাগৰাকীয়ে ইতিমধ্যে সেই ঠাই ত্যাগ কৰিলে ৷ আমি আচৰিত হৈ পৰিলোঁ ৷ মহিলাগৰাকীক পিছত আৰু সেই ঠাইত দেখা নাপালোঁ ৷ সেই সময়ত সেই মহিলাগৰাকীৰ আচৰণে আজিও মনত সাচ বহুৱালে ৷ তেখেতে ক’ৰপৰা আহিল , ক’লৈ গুচি গ’ল আমি আমি একো ধৰিবকে নোৱাৰিলোঁ ৷ সন্ধিয়াৰপৰা মাজ নিশালৈ আমি গংগাৰ পাৰতে বহি কটালোঁ যদিও সেই মহিলাগৰাকীক আমি পিছত দেখিবলৈ নাপালোঁ ৷নদীৰ পাৰত সৰু সৰু দোকান ৷ ঘন্টাৰ পিছত ঘন্টা আমি গংগাৰ পাৰতে বহি থাকিলোঁ ৷ কাষত সৰু দোকান এখনত মাক আৰু দুজনী জীয়েকে মিলি চাহ , পৰঠা বিক্ৰী কৰি আছিল ৷ আমি গংগাৰ পাৰতে বহি চাহ আৰু পৰঠাৰ সোৱাদ ল’লোঁ ৷ মুকলি আকাশৰ তলত , খৰস্ৰোতা গংগাৰ নদীৰ সুৰসুৰণী , আমাৰ চাৰিওপিনে ভজনৰ শব্দ , পানীৰ মাজত মুকতাৰ দৰে জিলিকি থকা চাকিৰ পোহৰত এক স্বৰ্গীয় অনুভূতিৰ অনুভৱ কৰিলোঁ ৷ এক আধ্যাত্মিক পৰিবেশেৰে গোটেই সময়খিনি বিলীন হৈ পৰিছিলোঁ ৷  গংগাৰ পাৰত কটোৱা সেই নিশাটো আজিও কিবা এটা সপোন যেন অনুভৱ কৰোঁ ৷ ৰাতি প্ৰায় ১২ মান বজাত হোটেলৰ কোঠালৈ আহিলোঁ কিয়নো পিছদিনা পুৱা প্ৰায় ৭ বজাতে পুনৰ যাত্ৰা আৰম্ভ হ’ব গৌৰীকুণ্ডলৈ ৷ গতিকে গংগা পাৰত কটোৱা সেই নান্দনিক মুহূৰ্তখিনি আমি অনিচ্ছাকৃতভাৱে হ’লেও এৰিবলগীয়াত পৰিলোঁ ৷