গুৱাহাটীৰ পৰা অপহৃত নাবালিকা উত্তৰ প্ৰদেশত উদ্ধাৰ

Pc-Telegraph India

গুৱাহাটীৰ পৰা অপহৃত নাবালিকা উত্তৰ প্ৰদেশত উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ ৰিহাবাৰীৰ এগৰাকী অপহৃত নাবালিকা উত্তৰ প্ৰদেশত উদ্ধাৰ কৰা হৈছে। সূত্ৰযোগে জানিব পোৱা অনুসৰি অশোক কুমাৰ নামৰ এজন লোকে ছোৱালীজনীক অপহৰণ কৰি উত্তৰ প্ৰদেশলৈ লৈ গৈছিল। ঘটনাটো সংঘটিত হোৱাৰ পিছত ছোৱালীজনীৰ পৰিয়ালবৰ্গই পল্টন বজাৰ আৰক্ষী চকীত এটা অভিযোগ দাখিল কৰে। পল্টন বজাৰ আৰক্ষীৰ এটা দল মঙলবাৰে উত্তৰ প্ৰদেশলৈ ৰাওনা হয় আৰু তালাচী অভিযান চলাই ছোৱালীজনীক উদ্ধাৰ কৰে। বৰ্তমান আৰক্ষীয়ে অশোক কুমাৰ নামৰ লোকজনক আটক কৰিছে আৰু জেৰা চলাই আছে। ইপিনে, ছোৱালীজনী সপ্তম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। ছোৱালীজনীক অশোকে ইনষ্টাগ্ৰামত লগ পাইছিল আৰু প্ৰলোভিত কৰি উত্তৰ প্ৰদেশলৈ লৈ গৈছিল।