গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ তিনি অভিযুক্তক পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ডাবল মাৰ্ডাৰ গোচৰৰ তিনি অভিযুক্তক পুনৰ চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। অভিযুক্ত বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনজিৎ ডেকাক অধিক তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্যৰে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।ইয়াৰ পূৰ্বে তিনিওজন অভিযুক্তক আৰক্ষীৰ জিম্মাৰ কাল সমাপ্ত হোৱাৰ বাবে আদালতত হাজিৰ কৰোৱা হয়। এতিয়ালৈকে, আৰক্ষীয়ে মৃতদেহৰ অৱশেষ বিচাৰি মেঘালয়ত দুটাকৈ তালাচী অভিযান চলাই আছে।