গুৱাহাটীৰ টেষ্টত নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ

গুৱাহাটীৰ টেষ্টত নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল টেষ্ট মেচ। অসমৰ আকাশত উৰিল আলহী দল দক্ষিণ আফ্ৰিকাৰ বিজয় নিচান। গান্ধী- মেণ্ডেলা শৃংখলা দখল কৰিব নোৱাৰা টীম ইণ্ডিয়া অসহায় হৈ পৰিল বৰ্ষাপাৰাত। ঘৰুৱা দৰ্শকক নিৰাশ কৰি লজ্জাৰ বেটিং প্ৰদৰ্শনেৰে শোচনীয় পৰাজয় স্বীকাৰ কৰিলে ভাৰতীয় বাহিনীয়ে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছিল দুখনীয়া টেষ্ট শৃংখলা। ইয়াৰে এখন অনুষ্ঠিত হৈছিল ইডেন গাৰ্ডেনত। আনখন গুৱাহাটীস্থিত বৰ্ষাপাৰা ষ্টেডিয়ামত। দুয়োখন গ্ৰাউণ্ডতে ঘৰুৱা দৰ্শকৰ পূৰ্ণ সহযোগিতা থকা সত্বেও গুৰু গম্ভীৰৰ দল টীম ইণ্ডিয়াই হতাশাজনক প্ৰদৰ্শন দাঙি পৰাজয় স্বীকাৰ কৰে। স্থায়ী অধিনায়ক শুভমন গিলৰ অনুপস্থিতিত ঋষভ পণ্টৰ হাতত দায়িত্ব চমজোৱা ভাৰতীয় মেনেজমেণ্টক নিৰাশ কৰি অতি শোচনীয় পৰাজয় স্বীকাৰ কৰিলে দলটোৱে। বিপৰীতে প্ৰটিয়াজ বাহিনীয়ে দেখুৱালে সংঘবদ্ধ খেলৰ নিদৰ্শন। মাত্র এটা শতকীয় ইনিংছৰ জৰিয়তে বিশাল ৰানৰ পাহাৰ গঢ়াৰ বিপৰীতে বলিঙেৰেও থকাসৰকা কৰিলে ভাৰতীয় বাহিনীক। টছত জয়ী হৈ প্ৰথমে বেট ধৰা দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ৪৮৯ ৰান। প্ৰথম ইনিংছত উজলি উঠিছিল ভাৰতীয় বলাৰ। কুলদীপ যাদৱে ৪টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। আনহাতে বুমৰাহ, ছিৰাজ আৰু জাডেজাই লাভ কৰিছিল দুটাকৈ উইকেট। ইয়াৰ পাছত মেচৰ দ্বিতীয় দিনা বেট ধৰিবলৈ নামিছিল টীম ইণ্ডিয়া। সকলোৱে ভাবিছিল বৰ্ষাপাৰাত ৰান পাব ভাৰতে। কিন্তু সেয়া হৈ নুঠিল। ভাৰতৰ প্ৰথম ইনিংছত যশস্বী জয়ছোৱাল আৰু ৱাশ্বিংটন সুন্দৰৰ বাহিৰে কোনো এগৰাকী বেটাৰে প্ৰতিপক্ষৰ বলাৰক প্ৰত্যাহ্বান জনাব নোৱাৰিলে। ভাৰতৰ শক্তিশালী বেটিং লাইন কাগজৰ বাঘত পৰিণত কৰিলে প্ৰতিপক্ষৰ বলাৰে।ইফালে সম্পূৰ্ণ এটা দিনো বেটিং কৰিব নোৱাৰা ভাৰতৰ প্ৰথম ইনিংছৰ পতনৰ পাছতে আলহী দলটোৱে আৰম্ভ কৰে দ্বিতীয় ইনিংছ। দ্বিতীয় ইনিংছত ভাৰতৰ দুৰ্বল বলিঙৰ সম্পূৰ্ণ সুযোগলৈ দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰে ২৬০ ৰান। একেদৰে ভাৰতে বিজয়ৰ বাবে ৫৪৯ ৰানৰ লক্ষ্য আগত লৈ খেলপথাৰত নামি পঞ্চম দিনত ১৪০ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। প্রথম ইনিংছত কেৱল যশস্বী জয়ছোৱাল আৰু দ্বিতীয় ইনিংছত কেৱল ৰৱীন্দ্ৰ জাডেজাই অর্ধশতক অর্জন কৰে। টেম্বা বাভুমাই অধিনায়ক হিচাপে কেতিয়াও টেষ্ট নহৰাৰ ৰেকৰ্ড এই ছিৰিজতো বজাই ৰখিলে। দক্ষিণ আফ্রিকাই ২খন টেষ্টৰ ছিৰিজ ২-০ৰে জিকিলে।