গুৱাহাটীৰ চৌদিশে ভূমিস্খলনৰ আতংক
ৰঙিলী বাৰ্ত্তাসেৱা- কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে।নেৰানেপেৰা বৰষুণে মাতিছে বিপদ। নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন ঠাইত পাহাৰসমূহৰ মাটি আৰু শিল বাগৰি অহাত মহানগৰবাসীলৈ বিপদ কঢ়িয়াই আনিছে।সোমবাৰৰ পৰা আজি দিনৰ ভাগলৈকে মহানগৰৰ বিভিন্ন ঠাইত কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।আন বহুকেইটা অঞ্চলতো বাতৰি আহিছে। ইফালে ভূমিস্খলনৰ ঘটনাতকেইবাজনো লোকৰ ভূমিস্খলনত মৃত্যু হোৱাৰ পাছত এতিয়া একাংশ ঠাইৰ লোক আতংকিত হৈ পৰিছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীত ৩৬৬টা ভূমিস্খলন প্ৰৱণ অঞ্চল চিনাক্ত কৰিছে যদিও এই অঞ্চলসমূহক সুৰক্ষিত কৰিব পৰা নাই। প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত এই ভূমিস্খলন প্ৰৱণ অঞ্চলত তথা ইয়াৰ নামনিত বসবাস কৰা লোকসকলে শংকাৰে জীৱন যাপন কৰি আহিছে।বাৰিষা বৰষুণ হলেই এই অঞ্চলসমূহত সৰু-বৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।একাংশ পাহাৰীয়া অঞ্চলত থকা একাংশ বাসগৃহ যিকোনো সময়তে খহি পৰাৰ আশংকাই দেখা দিছে।কাৰণ পাহাৰৰ মাটি কাটি সমীপতে বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ ফলত পাহাৰৰ ওপৰত থকা সগৃহসমূহলৈ ভাবুকি নামি আহিছে।অবাধ বন মহানগৰীৰ পাহাৰ এলেকা আৰু ধ্বংস আৰু অকৰ্তৃত্বশীলভাৱে পাহাৰ অতি খনন কৰি বাসগৃহ নিৰ্মাণৰ ফলত পাহাৰ এলেকাৰ নামনিৰ আশে-পাশে ভূমিস্খলনৰ ঘটনা জটিল কৰি তুলিছে।উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগে ২০১২ চনতে গুৱাহাটীৰ ভূমিস্খলনৰ ভয়াবহ সমস্যা সমাধান কৰাৰ বাবে মহানগৰীৰ পাহাৰসমূহ সংৰক্ষণ কৰা, গছ-গছনি ৰোপণ কৰা, পাহাৰ খনন বন্ধ কৰাৰ বাবে কেতবোৰ পৰামৰ্শ চৰকাৰলৈ আগবঢ়াইছিল। কিন্তু এই পৰামৰ্শসমূহ বছৰ বছৰ ধৰি ফাইলতে আবদ্ধ হৈ আছে।পাহাৰ অঞ্চলত ভূমিস্খলন ৰোধৰ বাবে গার্ডবাল দিয়াৰ ক্ষেত্ৰত দীর্ঘদিন কৰি অহা অৱহেলাৰ বাবে এতিয়া সমস্যা অধিক গভীৰ হৈ পৰিছে।গুৰুত্বপূৰ্ণভাৱে বন ধ্বংস আৰু নির্মাণকাৰ্যই মহানগৰত ভূমিস্খলনৰ ঘটনা দিনে দিনে বৃদ্ধি কৰি আহিছে।তথ্য মতে মহানগৰৰ পাহাৰ অঞ্চলৰ ২৬ শতাংশ এলেকাত কোনো গছ-গছনি নাই। ৩৮ শতাংশ পাহাৰ এলেকাত নাই ঘাঁহনি।যাৰ ফলত মহানগৰত বাঢ়িছে ভূমিস্খলনৰ ঘটনা।