গুৱাহাটীৰ চিটী চেণ্টাৰ মলত কে ফুড এন্টেনা শ্বপৰ নুডলছত ওলাল গো-মাংস 

গুৱাহাটীৰ চিটী চেণ্টাৰ মলত কে ফুড এন্টেনা শ্বপৰ নুডলছত ওলাল গো-মাংস 

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীত অভিজাত শ্বপিং মলৰ দামী বিপণীত ওলাল গো-মাংসৰে প্ৰস্তুত কৰা নুডল্‌। মহানগৰীৰ নামী-দামী শ্বপিং মল চিটী চেণ্টাৰৰ তৃতীয় মহলাত থকা ‘কে ফুড এন্টেনা শ্বপ’ শীর্ষক বিপণীখনত ৰবিবাৰে বিয়লি প্রায় তিনি বজাত কোৰিয়ান কোম্পানীৰ নুডল্‌ড্ৰৰ জুতি ল’বলৈ গৈছিল দীপাংকৰ দাস, হীৰক তালুকদাৰ আৰু এনি থাপা নামৰ যুৱক-যুৱতীকেইগৰাকীয়ে। উল্লেখ্য যে বিপণীখনত গ্ৰাহকৰ চকুৰ সন্মুখতে নুডল্ প্রস্তুত কৰি দিয়ে তাত থকা কৰ্মচাৰীয়ে। সেইমৰ্মে যুৱক-যুৱতীকেইগৰাকীয়ে কোৰিয়ান নুডলৰ জুতি ল’বলৈ ইচ্ছা প্রকাশ কৰি তাতথকা কৰ্মচাৰীক কোৰিয়ান ভাষাতে লিখা থকা এটা পেকেট বনাই দিবলৈ কয়। নুডল্খিনি পৰিৱেশন কৰাৰ পাছত সেয়া খোৱাৰ পাছতে কিছু পৰিমাণে অসহজ অনুভৱ কৰে যুৱক দুজনৰ সৈতে যোৱা এনি থাপা নামৰ যুৱতীগৰাকীয়ে। দীপাংকৰ দাস নামৰ ভুক্তভোগী যুৱকজনে সদৰী কৰা মতে, এনি থাপাৰ সাগৰীয় খাদ্যৰ প্ৰতি এলার্জী আছিল। তেনে খাদ্য খোৱাৰ পাছতে কিছু অসুস্থ অনুভৱ কৰে যুৱতীগৰাকীয়ে।

সেইবাবে পেকেটটোত উল্লেখ থকা সামগ্রীসমূহত সাগৰীয় খাদ্যৰ কিবা উপকৰণ আছে নেকি বুলি চাবলৈ তেওঁক যুৱতীগৰাকীয়ে কয়। কিয়নো গোটেই পেকেটটো কোৰিয়ান ভাষাত লিখা থকাৰ বাবে তাত
কিধৰণৰ উপকৰণ আছে সেয়া বুজাৰ কোনো উপায় নাছিল। সেইবাবে যুৱক দুজনে গুগলৰ সহায় লৈ পেকেটটোত থকা উপকৰণ সন্দৰ্ভত জানিবলৈ বিচৰাৰ পাছতে গুগল অনুবাদত অহা উপকৰণৰ তালিকা প্রত্যক্ষ কৰি একপ্ৰকাৰ আটাইকেইগৰাকীয়ে হতভম্ব হৈ পৰে। দীপাংকৰ দাসে জানিবলৈ দিয়া মতে, নুডল্ পেকেটটোত বিভিন্ন মা-মছলাৰ লগতে সাগৰীয় মিছা মাছ তথা বীফ অর্থাৎ গো-মাংসও আছে বুলি অনুবাদটোত দেখা গৈছিল। তাৰ পিছতে এই সন্দৰ্ভত যুৱক-যুৱতীকেইগৰাকীয়ে বিপণীখনৰ কৰ্তৃপক্ষক সোধা-পোছা কৰাত তেওঁলোকেও উক্ত পেকেটসমূহত কি ধৰণৰ খাদ্য সামগ্ৰীৰ উপকৰণ আছে সেয়া নাজানো বুলি প্ৰত্যুত্তৰ দিয়ে। লগে লগে যুৱক-যুৱতীকেইগৰাকীয়ে ঘটনাটো সন্দর্ভত তাত উপস্থিত থকা আন লোককো অৱগত কৰাৰ পাছতে পৰিস্থিতি কিছু উত্তাল হৈ পৰে।  লগে লগে ভুক্তভোগীকেইগৰাকীয়ে ঘটনাটো সন্দর্ভত দিছপুৰ থানাক অৱগত কৰাৰ লগতে বিপণীখনৰ বিৰুদ্ধে এজাহাৰ এখন দাখিল কৰে। খবৰটো পোৱাৰ লগে লগে দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টো তদাৰক কৰিছে বুলি জানিব পৰা গৈছে। অৱশ্যে এই সন্দর্ভত কোনো লোকক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।