গুৱাহাটীৰ গণেশপাৰা, ফাঁচীবজাৰ আৰু চানমাৰিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা 

গুৱাহাটীৰ গণেশপাৰা, ফাঁচীবজাৰ আৰু চানমাৰিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা 

ৰঙিলী বাৰ্ত্তাসেৱা-   গুৱাহাটীৰ গণেশপাৰা, ফাঁচীবজাৰ আৰু চানমাৰিত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- অসমৰ নিচিনা শান্তিপূর্ণ ৰাজ্য ভাৰতৰ ক’তো নাই। যোৱা তিনি বছৰত অসমীয়া-বাঙালী, হিন্দীভাষীৰ মাজত কাজিয়া নোহোৱা হ’ল। এপ্রিল মাহত সর্বাধিক ২৫ শতাংশ জিএছটি সংগ্রহ হ’ল অসমত। ইয়াৰ অৰ্থ হ’ল অসমত ব্যৱসায় বাঢ়িছে। গুৱাহাটী সমষ্টিৰ বিজেপি প্রার্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত গুৱাহাটীৰ গণেশপাৰাত বিজয় সংকল্প সমাৰোহক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা ১০ মে’ত মুখ্যমন্ত্রী হিচাপে মই তিনি বছৰ সম্পূৰ্ণ কৰিম। যোৱা এই তিনি বছৰত অসমত ক’তো বোমা বিস্ফোৰণ হোৱা নাই, গুলী-বাৰুদ ফুটা নাই। অসমীয়া-বাঙালী আৰু হিন্দীভাষীৰ মাজত কাজিয়া হোৱা নাই। এই সময়ছোৱত যুৱক-যুৱতীসকলে চৰকাৰী চাকৰি পাইছে, ছেমিকণ্ডাক্টৰৰ দৰে নতুন উদ্যোগ আহিছে, ৰাস্তাঘাট-ফ্লাইঅভাৰ নিৰ্মাণ হৈছে। কংগ্ৰেছে সাধাৰণ ৰাইজক ধুতী-কম্বল-লুঙী-টুপী-সূতা-কম্বলেৰে পঞ্চঅমৃত খুৱাইছিল। কিন্তু বিজেপিয়ে যুৱক-যুৱতীসকলে যাতে কর্মসংস্থাপন পায়, উদ্যোগীকৰণ হয়, নিশালৈ যাতে বেপাৰ-বাণিজ্য চলে সেই দিশত কাম কৰি আহিছে। এক লাখ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিলে এটকাও ঘোচ নিদিয়াকৈ। পুনৰ ৫০ হাজাৰ পদত নিযুক্তি দিয়া হ’ব। মুখ্যমন্ত্রীয়ে এই নির্বাচনী সভাতে পাহাৰত থকা লোকসকলে যাতে মাটিৰ পট্টা লাভ কৰে, সেই দিশত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে। আনহাতে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যিসকল পৰিয়ালৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই, তেনে পৰিয়ালৰ চাকৰিৰ প্ৰাৰ্থীক মৌখিক পৰীক্ষাত ১০ শতাংশ নম্বৰ প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে। অৰুণোদয় আঁচনিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনৰ পিছত সকলো পৰিয়ালকে অৰুণোদয় দিয়া হ’ব। তদুপৰি বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ সমস্যা অহা ছমাহৰ ভিতৰত চৰকাৰে সমাধান কৰিব। গুৱাহাটীৰ যিসকল পৰিয়ালৰ ৰেচন কার্ড নাই, তেওঁলোকে আবেদন কৰিলে ৰেচন কার্ড পাব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়- বাল্যবিবাহৰ বিৰুদ্ধে মই দীর্ঘসময়ৰ পৰা কৈ আহিছোঁ। ছোৱালীসকলে এতিয়া পঢ়া-শুনা কৰিব লাগে। যাৰ বাবে মহাবিদ্যালয়ত নামভর্তি সম্পূর্ণ বিনামূলীয়া কৰা হৈছে। মেট্ৰিকৰ পাছত এগৰাকী ছোৱালীৰ পঢ়াৰ খৰচৰ বাবদ ১০ হাজাৰ টকা, উচ্চতৰ মাধ্যমিকত পঢ়িলে ১২,৫০০ আৰু বিশ্ববিদ্যালয়ত পঢ়িলে ২৫ হাজাৰ টকা দিয়া হ’ব। লাখপতি বাইদেউ আঁচনিৰ নামতো মহিলাসকলক ১০ হাজাৰ টকাকৈ দিয়া হ’ব। মুখ্যমন্ত্রীয়ে ১ লাখ আই-মাতৃক চৰকাৰী খৰছত ৰাম মন্দিৰ দৰ্শনৰ বাবে নিয়াৰ আশ্বাস প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে দেশত শান্তি আহিলে আটাইতকৈ লাভৱান হয় সাধাৰণ লোক। বিগত সময়ছোৱাত বড়ো, কাৰ্বি সংগঠনৰ সৈতে চুক্তি হোৱাৰ লগতে আলফাৰ সৈতে আলোচনা হৈছে। ৯০ শতাংশ আলফা সদস্য মূলসুঁতিলৈ ঘূৰি আহিছে। যাৰ ফলত ৰাতি ১২ বজালৈ ব্যৱসায়-বাণিজ্য সুস্থিৰভাবেই চলি আছে। এই পৰিৱেশ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আমাক দিছে। যোৱা সময়ছোৱাত ২৭ বাৰকৈ অসমলৈ আহিছে প্রধানমন্ত্রী মোদী। অসমত এনে এখন জিলা নাই, য’লৈ প্রধানমন্ত্রী যোৱা নাই। অসমৰ গামোচা ডিঙিত লৈ দেশে-বিদেশে ঘুৰা নৰেন্দ্ৰ মোদী এতিয়া অসমীয়া গামোচাৰ ব্ৰেণ্ড এম্বেছাডৰ হৈছে। এটা সময় আছিল কাজিৰঙাত সঘনে গড় মৰিছিল। ৰকিবুল হুছেইনৰ দিনত গঁড়সমূহ মাৰি শেষ কৰা হৈছিল। কিন্তু মোদীৰ নেতৃত্বত চৰকাৰ গঠনৰ পাছতে গঁড় নিধন বন্ধ হ’ল। কাজিৰঙাত নিশা কটাই প্রধানমন্ত্রী মোদীয়ে দেশ-বিদেশৰ পৰ্যটকক কাজিৰঙালৈ আমন্ত্রণ জনালে। এইবাৰ প্ৰধানমন্ত্ৰীক মাজুলীত নিশা কটাবলৈ অনুৰোধ জনাম। ইয়াৰ পিছতে ফাঁচীবজাৰত নির্বাচনী সভা সম্বোধন কৰি তেওঁ কয় যে অসমত যে ব্যৱসায়-বাণিজ্য বাঢ়িছে, সেয়া এপ্রিল মাহত সর্বাধিক ২৫ শতাংশ জিএছটি সংগ্রহে স্পষ্ট কৰিছে। তেওঁ কয়- অসম তথা গুৱাহাটীৰ পৰিৱেশ এতিয়া যথেষ্ট সলনি হ’ল। অসম আন্দোলনৰ পৰাই আমি গুলী-বাৰুদ, বোমা বিস্ফোৰণ দেখি আহিছোঁ। কিন্তু এতিয়া সেই পৰিৱেশ নাই। গুৱাহাটী বন্ধ, অসম বন্ধও নোহোৱা হৈ পৰিছে। মুখ্যমন্ত্ৰীয়ে কয় নির্বাচনী সভাৰ বাবে মই ৰাজ্যত ১০৫টা সমষ্টিলৈ গৈছোঁ। কিন্তু এইবাৰ লোকসভা নির্বাচনক লৈ ৰাইজৰ কিমান উৎসাহ পূর্বে কেতিয়াও দেখা নাই। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীত উলিওৱা ৰোড শ্ব’ত ডেৰ লক্ষাধিক লোক উপস্থিত আছিল। মানুহৰ উৎসাহ দেখিছোঁ। সকলোতকৈ ডাঙৰ বিষয়টো হ’ল- এতিয়া অসমত সকলো সম্প্ৰদায়ৰ লোক মিলিজুলি থাকে। এতিয়া কোনেও অসমীয়া, বাঙালী, হিন্দীভাষী বুলি নকয়। এনেধৰণৰ কাহিনী আৰু কেতিয়াও অসমত সৃষ্টি নহয়। সকলোৱে অসমৰ উন্নয়নৰ বাবে অৰিহণা যোগাইছে। এই পৰিৱেশ নৰেন্দ্ৰ মোদীয়ে সৃষ্টি কৰিছে। পূর্বে দেশলৈ সোমাই আহি বিস্ফোৰণ, গুলী চলাইছিল। কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত পাকিস্তানৰ ভিতৰত সোমাই গৈ প্রত্যুত্তৰ হিচাপে বিস্ফোৰণ ঘটালে।