গুৱাহাটীৰ কৃত্ৰিম বান সম্পৰ্কে মন্ত্ৰীৰ অসহায় মন্তব্যক লৈ প্রতিক্রিয়া প্রকাশ আম আদমি পাৰ্টীৰ

গুৱাহাটীৰ কৃত্ৰিম বান সম্পৰ্কে মন্ত্ৰীৰ অসহায় মন্তব্যক লৈ প্রতিক্রিয়া প্রকাশ আম আদমি পাৰ্টীৰ
ক’ত গ’ল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্রুতি: ডাঃ ভবেন চৌধুৰী

ৰঙিলী বাৰ্ত্তাসেৱা- এজাক মুষলধাৰ বৰষুণৰ পাছতেই গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা ভয়াবহ কৃত্রিম বান আৰু যান-জটে মহানগৰবাসীক নগুৰ-নাগটি অৱস্থাৰ সৃষ্টি কৰি আহিছে। গুৱাহাটীৰ কৃত্রিম বানৰ সন্দৰ্ভত বিভাগীয় মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ‘গুৱাহাটীক কৃত্রিম বান নোহোৱা কৰিব নোৱাৰিম’ বুলি কোৱা মন্তব্যত ক্ষোভ প্রকাশ কৰিছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে। এক প্রেছ বাৰ্তা যোগে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই সন্দর্ভত কয় যে ‘কংগ্ৰেছ ১৫ বছৰ, বিজেপি দলৰ ৯ বছৰীয়া শাসন কালত কৃত্রিম বানৰ যন্ত্ৰণাৰ পৰা মুক্ত নহ’ল গুৱাহাটী মহানগৰ। গুৱাহাটী পৌৰ নিগম নির্বাচন, লোকসভা, বিধানসভা প্রায় প্রতিটো নির্বাচনতে বানমুক্ত গুৱাহাটীৰ প্রতিশ্রুতি দিয়া বিজেপি চৰকাৰৰ মহানগৰৰ কৃত্রিম বান ৰোধৰ বাবে গ্রহণ কৰা সকলো পদক্ষেপ কার্যতঃ ব্যর্থ হোৱাৰ বাবেই মহানগৰবাসীয়ে অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া পৰিছে। পূর্বে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বত থাকোঁতে মন্ত্রী অশোক সিংঘলেও বানমুক্ত গুৱাহাটীৰ বাবে হেলিকপ্টাৰেৰে গুৱাহাটী নলা- নর্দমা পৰিদৰ্শন কৰি গুৱাহাটীত কৃত্রিম বান নহ’ব বুলি গেৰান্টি দিব নোৱাৰি বুলি মন্তব্য কৰিছিল। ডাঃ ভবেন চৌধুৰীয়ে অশোক সিংঘালৰ পিছত জয়ন্ত মল্ল বৰুৱাকো দায়িত্বৰ পৰা অব্যাহতি ল’বলৈ আহ্বান জনায়।কৃত্রিম বানৰ সমস্যা সমাধানৰ বাবে চৰকাৰে আজিলৈকে সঠিক বিজ্ঞানসন্মত আঁচনি আৰু পৰিকল্পনা নকৰাৰ বাবেই দিনক দিনে সমস্যা অধিক গভীৰ হৈ গৈ আছে বুলি আম আদমি পার্টীয়ে অভিযোগ উত্থাপন কৰে। মহানগৰীৰৰ কৃত্রিম বান ৰোধৰ বাবে লাখ টকীয়া ৰবট, কোটি টকীয়া ছুপাৰ ছাকাৰ, কেইবাখনো টেংকাৰ ক্ৰয় কৰাৰ নামত কোটি কোটি টকা খৰচ কৰাৰ পাছতো আজিলৈকে কিয় কৃত্রিম বানৰ সমস্যা সমাধান কৰিব পৰা নাই বুলি দলটোৱে প্রশ্ন উত্থাপন কৰে। আম আদমি পার্টীয়ে অসম চৰকাৰক বানমুক্ত গুৱাহাটীৰ বাবে যাবতীয় সকলো ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।