গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ

গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা- সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ, অসম ৰাজ্যিক সমিতিৰ উদ্যোগত ১০-১২ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ-২৩ অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে ৰাজ্যৰ ৯খন জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ পৰা ২০ কিলোমিটাৰ ভিতৰৰ খেলুৱৈৰ মাজত অনুষ্ঠিত জিলা পৰ্যায়ৰ খেলত ৮০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত খেলুৱৈসকলক লৈ সৰুসজাইত ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ-২০২৩ অনুষ্ঠিত হ’ব। আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত উদ্যোক্তাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱত ১০০, ২০০, ৮০০ আৰু ১৫০০ মিটাৰ দৌৰ, ৪ x ১০০ মিটাৰ ৰীলে দৌৰ, হাই জাম্প, লং জাম্প, শ্বটপুট, জেভেলিন থ্ৰ’, ডিচকাছ থ্ৰ’, ফুটবল আৰু কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। আজিৰ সংবাদমেলতে খেলুৱৈৰ জাৰ্ছি, ট্ৰেক ছ্যুট আৰু প্ৰতিযোগিতাৰ স্মৃতিগ্ৰন্থৰ বেটুপাত উন্মোচন কৰা হয়। সংবাদমেলত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ, অসম প্ৰদেশৰ সভাপতি ড০ বিনীতা ভাগৱতী আৰু সীমান্ত ক্ৰীড়া মহোৎসৱ-২৩ৰ সম্পাদক মৃদুল কুমাৰ শৰ্মাৰ উপৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে উপস্থিত থাকে।