গুৱাহাটীত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টি “বুঢ়ী আইৰ সাধু” মঞ্জু সিনহাই বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত কৰা অনুবাদ গ্ৰন্থ উন্মোচন 

গুৱাহাটীত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টি “বুঢ়ী আইৰ সাধু” মঞ্জু সিনহাই বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত কৰা অনুবাদ গ্ৰন্থ উন্মোচন 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ, সাহিত্যৰথী, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অনন্য সৃষ্টি “বুঢ়ী আইৰ সাধু” শিলচৰৰ লেখিকা মঞ্জু সিনহাই বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত অনুবাদ কৰা “আবকৰ যাৰি” গ্ৰন্থখনি আজি গুৱাহাটী প্ৰেছ ক্লাবত শুভ উন্মোচন কৰা হয় । অসমৰ অন্যতম প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ উন্মোচনী সভাখনি উদ্ধোধন কৰি “অসমীয়া প্ৰতিদিন” কাকতৰ সহকাৰী সম্পাদক প্ৰকাশ মহন্তই কয়- “সকলো মানুহৰে এক সুকীয়া সত্তা আছে । জাতিৰ প্ৰতি আমি সকলোৱে দায়বদ্ধশালি হ’ব লাগে । চেতনা থাকিব লাগে । বৰ্ণিল অসমত বিভিন্ন ভাষা -সংস্কৃতিৰ প্ৰয়োভৰ আছে । বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহ সংখ্যাত তাকৰ যদিও তেওঁলোকৰ চিন্তা-চেতনা বৰ উন্নত । তেওঁলোকৰ নিৰন্তৰ বৌদ্ধিক সংগ্ৰামেৰে আজি ভাষাটোক সমৃদ্ধশালি কৰি তুলিছে । অ-ফলা শিকাৰ পৰাই মানুহে বুঢ়ী আইৰ সাধু পঢ়ে । এক মহৎ চিন্তাৰ নিদৰ্শন দাঙি ধৰিলে মঞ্জু সিনহাই।” গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট সাহিত্যিক, জ্যোষ্ঠ আৰক্ষী বিষয়া ড০ নন্দ সিং বৰকলাই কয়- “বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহৰ জীৱন যাপন পদ্ধতি অতি উন্নত মানদণ্ডৰ । ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোক অতি আনুগত্যশীল । অসীম চিন্তাৰ অধিকাৰী । পৃথিৱীখনত ন ন ৰঙীণ সপোন দেখে । নান্দনিক চৰিত্ৰৰ অধিকাৰী । বৰ লুইত শক্তিশালী হ’বলৈ হ’লে সকলো জাতি- জনগোষ্ঠীৰ মাজত একতাৰ এনাজৰি ডাল কটকটীয়া হ’ব লাগিব ।” ড০ বৰকলাই আৰু কয়- “কোনো ভাষাকে তাচ্ছিল্য কৰিব নালাগে । জীৱনৰ ব্যাসাৰ্ধৰ বৰ দীঘলীয়া । দিগন্ত ব্যাপী জুৰি থাকে । বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এক সমৃদ্ধশালী ভাষা-সংস্কৃতি-সাহিত্যৰে ভৰপূৰ । আজি অসমীয়া-বিষ্ণুপ্ৰিয়া মণিপুৰীৰ মাজত এক সমন্বয়ৰ সাকোঁ গঢ়িলে ।” প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাত মুখ্য অতিথিৰ ভাষণত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ মলিনা দেৱী ৰাভাই কয়– “এখন গ্ৰন্থই এটা জাতিৰ ইতিহাস ধৰি ৰাখিব পাৰে । গ্ৰন্থ অধ্যয়নৰ জড়িয়তে নজনা বিশ্বৰ ইতিহাস জানিব পাৰি । গ্ৰন্থ প্ৰতিজন মানুহৰে আত্মা পোৱা উচিত ।” শ্বিলঙৰ এচ টিএন্থনি মহাবিদ্যালয়ৰ সংগীতদ বিভাগৰ সহযোগী অধ্যাপিকা ড০ কান্তা কাবেৰী দাসৰ সৰস্বতী বন্দনাৰে আৰম্ভ কৰা সভাত “দি চেন্ট্ৰিনেল” কাকতৰ কাৰ্যবাহী সম্পাদক ৰামলাল সিংহ, বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ণ পৰিষদৰ অধ্যক্ষ ৰীতা সিনহা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই বিশিষ্ট অতিথি হিচাপে ভাষণ ৰাখে । সভাত অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডিন ড০ অৰূপ কুমাৰ দাস, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদকদ্বয় কমল কলিতা, নগেন বড়ো, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শচীন দাস, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালকঞ দেবেন্দ্ৰনাথ বসুমতাৰী, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ উপদেষ্টা অঞ্জনা দাস হাজৰিকা, কামৰূপ মহানগৰ জিলা কবি সমাজৰ সম্পাদক ইভা শইকীয়া দত্ত ভূঞা গুৱাহাটী মহানগৰ কবি কাননৰ সভাপতি কমলজিৎ কলিতা, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত উপ-প্ৰবন্ধক প্ৰমোদ চন্দ্ৰ দাস, বৈষ্ণব কবি কাম দেৱ শৰ্মা, শিলচৰৰ ৰাধা-মাধৱ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ প্ৰভাত কুমাৰ সিনহাই আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰে । শেষত শলাগৰ শৰাই আগবঢ়াই মানসী সিনহাই ।