গুৱাহাটীত শিক্ষাবিদ, লেখিকা ড০ এচ্ চুলতানা হাজৰিকা ছিদ্দিকিক “পৰাগজ্যোতি প্ৰকাশন”ৰ পৰা সম্বৰ্দ্ধনা

গুৱাহাটীত শিক্ষাবিদ, লেখিকা ড০ এচ্ চুলতানা হাজৰিকা ছিদ্দিকিক “পৰাগজ্যোতি প্ৰকাশন”ৰ পৰা সম্বৰ্দ্ধনা

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  আজীৱন শিক্ষাব্ৰতী, বিশিষ্টা লেখিকা, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত যোগদান কৰা প্ৰথম অসমীয়া হোম চাইন্টিষ্ট, মহিলাৰ শিক্ষা প্ৰচাৰৰ বাবে আকাশবাণীৰ ডিব্ৰুগড় আৰু গুৱাহাটীৰ যোগে অসংখ্য শিক্ষা বিষয়ক কথিকা লিখি পাঠ কৰা ড০ এচ্ চুলতানা হাজৰিকা ছিদ্দিকি (৯০)ক মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁওৰ নিজ বাসভৱনত “পৰাগজ্যোতি প্ৰকাশন”ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে । এই উপলক্ষ্যে আয়োজিত সভাখনি প্ৰকাশনৰ হৈ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত অংশ লৈ প্ৰত্নতত্ব সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত ৰাজ্যিক অভিযন্তা সোণাৰাম সাউদে কয়— “সমাজখন একাংশ সৎ-আদৰ্শবান ব্যক্তিয়ে ধৰি আছে । জীৱনৰ বিয়লিবেলা জ্যেষ্ঠ জনে বিচাৰে শ্ৰদ্ধা-মৰম । আমি, এইকথা নতুন প্ৰজন্মই বুজা উচিত । বৰ্তমান সময়ত আমাৰ ভাতৃত্ববোধৰ বৰ অভাৱ ঘটিছে । আমি যোগাত্মক চিন্তাৰে আগুৱাই যোৱাৰ বাবে অহৰহ প্ৰয়াস কৰিব লাগে ।” অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, “সাহিত্য কোঁৱৰ” কমল কলিতাই সভাত অংশ লৈ কয়— “ভাল ব্যৱহাৰে এজন মানুহক সৎ পথত খোঁজ কাঢ়িব শিকায় । ইতিবাচক চিন্তাৰে আমি প্ৰতিদিন আগবাঢ়িব লাগে ।” গণেশ নগৰ সাহিত্য সভাৰ সভাপতি, কবি অৰুণ মহন্তই কয়— “ড০ ছিদ্দিকি বাইদেউৰ বাগ্মিতা মন কৰিবলগীয়া । তেওঁ চিন্তা বৰ সাৱলীল ।” সভাত বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা বিশিষ্টা কবি গীতা দেৱী, বিশিষ্টা লেখিকা ৰমিছা বেগম, “সংযোগ” মাহেকীয়া আলোচনীৰ সম্পাদক তথা কবি প্ৰশান্ত গগৈ, অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ অভিযন্তা আক্কাছ আলী আহমেদে অতিথি হিচাবে অংশ লৈ ড০ ছিদ্দিকি বাইদেউৰ প্ৰতিভা অন্যান্য । তেওঁৰ সুস্বাস্থ্যৰে লগতে নিজ কৰ্মৰে আগুৱাই গৈ থাকক । সভাত প্ৰকাশনৰ সচিব দীপক শৰ্মাই শৰ্মাই নিজস্ব অভিমত ব্যক্ত কৰি কয়- বৰ মননশীল চিন্তাৰ অধিকাৰী ড০ ছিদ্দিকি বাইদেউৱে নিজৰ বাগ্মিতাৰে মানুহৰ মাজত সদ চিন্তা, সদ কৰ্ম, সদ আদৰ্শৰ মনোভাৱ প্ৰতিষ্ঠা কৰি যাওক । সম্বৰ্দ্ধনা গ্ৰহণ কৰি ড০ ছিদ্দিকিয়ে পৰাগজ্যোতি প্ৰকাশনৰ সাৰ্থক প্ৰচেষ্টাৰ শলাগ লৈ তেওঁলোকৰ যাত্ৰা নিৰবধি নৈৰ দৰে আগবাঢ়ি যাবৰ বাবে আশীষ দিয়ে ।