গুৱাহাটীত বিশাল ৰোড শ্ব’ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ৰাজপথত আজি হাজাৰ হাজাৰ লোকৰ সমাগমেৰে বিজেপিয়ে প্ৰদৰ্শন কৰিলে নিজৰ শক্তি। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত নির্বাচনী প্ৰচাৰৰ উদ্দেশ্যে দুদিনীয়া কার্যসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিশাল জনসমুদ্ৰৰ মাজেৰে কৰা এক ৰোড শ্ব’ৰ জৰিয়তে বিৰোধী দলবোৰক জনাই দিলে বিজেপিৰ শক্তি পৰাক্ৰমৰ বাৰ্তা। ৰোড শ্ব’ত অংশগ্ৰহণৰ মাজতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়- অসমে দ্রুতগতিত প্ৰগতিৰ যাত্ৰা কৰিছে। বিকাশ আৰু উন্নয়নে এইবাৰ বিজেপিৰ বিজয়ৰ পথ মুকলি কৰিব। তেওঁ কয়- প্রতিটো নির্বাচনী সভাত আৰু ৰেলীত বিশাল জনসমর্থনে স্পষ্ট কৰিছে যে এনডিএই এইবাৰ ৯০খনতকৈ অধিক আসন লাভ কৰিব। পুনৰবাৰ বিজেপিৰ নেতৃত্বত অসমত এনডিএ চৰকাৰ হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ভূয়সী প্রশংসা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়-মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত অসমৰ আন্তঃগাঁথনি শক্তিশালী হোৱাই নহয়, ৰাজ্যখনে এতিয়া উন্নয়ন আৰু বিকাশৰ দিশত আগবাঢ়িছে। যোৱা সময়ছোৱাত অসমত ব্যাপক পৰিৱৰ্তন হৈছে। ৰাজ্যখনত এতিয়া উগ্রবাদ সম্পূৰ্ণৰূপে নোহোৱা হৈছে।

১০,৯৭০জন উগ্রপন্থীয়ে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছে। আজি অসমত আতংক নাই, উগ্রবাদ নাই, আইন-শৃংখলা পৰিস্থিতি বহু উন্নত। মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত বিশ্ব মানৰ আন্তঃগাঁথনি হৈছে। ৰাজ্যখনত এতিয়া স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ ব্যাপক প্ৰসাৰ হৈছে। সমান্তৰালভাৱে অসম সমগ্র নর্থ-ইষ্টৰে স্বাস্থ্য আৰু শিক্ষাৰ এক হাবত পৰিণত হৈছে। ৰাজ্যখনত এতিয়া প্ৰচুৰ পৰিমাণৰ নিয়োগৰ সুবিধা আহি পৰিছে। তদুপৰি ছেমিকণ্ডাক্টৰৰ দৰে প্ৰকল্প স্থাপনে অসমখনৰ ছবি সম্পূৰ্ণৰূপে সলনি কৰি দিছে। কার্যতঃ উন্নত আন্তঃগাঁথনি আৰু প্ৰগতিৰ হাবত পৰিণত হৈছে অসম। ইয়াৰ বাবেই অসমৰ ৰাইজে বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ গঠনৰ বাবে উৎসুকতাৰে বাট চাই ৰৈছে। উল্লেখ্য যে কাইলৈ অমিত শ্বাহে টিহু আৰু ঢেকীয়াজুলি সমষ্টিত দুখনকৈ নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। আজি বিশাল শোভাযাত্রাত গুৱাহাটীৰ ভোটাৰ ৰাইজে গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হ’ল। ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীক বিভিন্ন জাতি-জনগোষ্ঠীয় নৃত্য-গীতেৰে ৰোড শ্ব’ৰ পূৰ্বে সম্বর্ধনা জনালে সমর্থকসকলে।এই যাত্রাত তেওঁক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।

উল্লেখ্য যে ৰোড শ্ব’ৰ পিছতেই গৃহমন্ত্রী অমিত শ্বাহে বাজপেয়ী ভৱনত দলীয় কাৰ্যকৰ্তাৰ সৈতে এক গুৰুত্বপূর্ণ নির্বাচনী সভাত অংশগ্ৰহণ কৰে। পূৰ্বৰে পৰাই বাজপেয়ী ভৱনত অপেক্ষা কৰি থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে দলৰ জ্যেষ্ঠ নেতা বৈজয়ন্ত জয় পাণ্ডাকে ধৰি আন আন নেতাসকলে শ্বাহক গামোচাৰে আদৰণী জনায়। ইয়াৰ পাছতেই ৰাজ্যিক বিজেপিৰ শীর্ষ নেতাসকলৰ উপস্থিতিত আয়োজিত বৈঠকত কেন্দ্রীয় মন্ত্ৰী শ্বাহে নিৰ্বাচনৰ সকলো খা-খবৰ লয়। উল্লেখযোগ্য যে নিশাটো কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্রী শ্বাহে আজি ঢেকীয়াজুলি আৰু নলবাৰীৰ চামতাত আনুষ্ঠিত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।
