গুৱাহাটীত বিভিন্ন দল সংগঠনৰ পৰা ৰাইজৰ দলত শতাধিক লোকৰ যোগদান

গুৱাহাটীত বিভিন্ন দল সংগঠনৰ পৰা ৰাইজৰ দলত শতাধিক লোকৰ যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । ৰাইজৰ দলৰ নীতি-আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি কংগ্ৰেছ, বিজেপি, অগপ, আম আদমী পাৰ্টীৰ শতাধিক কৰ্মকৰ্তাৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তিয়ে ৰাইজৰ দলত যোগদান কৰে। আম আদমি পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক তথা নাজিৰাৰ প্ৰাক্তন পৌৰপতি দিলীপ কুমাৰ হাজৰিকা, নলবাৰী জিলাৰ তৃণমূল কংগ্ৰেছৰ সভাপতি জিৎমণি শৰ্মা, আমিনগাওঁ বাৰ এছচিয়েছনৰ সম্পাদক আকবৰ হুছেইন, ইউনিছিফৰ প্ৰাক্তন কৰ্মকৰ্তা ড: পল্লৱী বৰগোহাঁই, AIUDF যুৱ মৰ্চাৰ কেন্দ্ৰীয় সম্পাদক অভিযন্তা আবু ইউছুফ মোঃ ৰাইহান উদ্দিন, আমছাৰ কৰিমগঞ্জ জিলাৰ সভাপতি মৌলানা ৱাহিদুজ জামান, বিজেপিৰ কৰিমগঞ্জ জিলা সংখ্যালঘু কোষৰ উপ-সভাপতি আমাদ উদ্দিন, অগপ ৰ নেতা মুকুট বৰাৰ নেতৃত্বত যোগদান কৰা লোক সকলে আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত ২০২৬ ত সাম্প্ৰদায়িক শক্তিক উচ্ছেদ কৰাৰ শপত গ্ৰহণ কৰে। দলৰ সভাপতি অখিল গগৈৰ লগতে যোগদান অনুষ্ঠানত ৰাইজৰ দলৰ উপ সভাপতি হৰেশ্বৰ বৰ্মন, অনিল বড়ো, সাধাৰণ সম্পাদক ৰাছেল হুছেইন , চিন্ময় বড়া, ধৈৰ্য কোঁৱৰ, আজিজুৰ ৰহমান, সম্পাদক অনুপ বৰপাত্ৰগোঁহাই, দেবাংগ সৌৰভ গগৈ, সহকাৰী সম্পাদক ছাহজাহান আলি, আনিচুৰ ৰহমান, সাংগঠনিক সম্পাদক দাদুল আলী, মুনিন গগৈ, অম্লানজ্যোতি গগৈ, মুখপাত্ৰ ছাদ্দাম হুছেইন, নৱদ্বীপ বৰপাত্ৰগোঁহাই, সোণেশ্বৰ পাটোৱাৰী, জাতীয় যুৱ বাহিনীৰ সৌৰভ বৰা, অংকুমান বৰদলৈকে আদি কৰি কেন্দ্ৰীয় সমিতি আৰু কামৰূপ জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত আছিল।