গুৱাহাটীত প্রাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় উদ্বোধন কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ স্বাস্থ্য সেৱাখণ্ডৰ আন এক অভূতপূর্ব উত্তৰণ ঘটাই দেওবাৰে ২,০৯২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও অভিলাষী প্রকল্পৰ উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা-শিলান্যাস স্থাপন কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেওবাৰে পুৱাৰ ভাগত গুৱাহাটীত ৬৭৫ কোটি টকা ব্যয়সাপেক্ষ নৱনির্মিত প্রাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ উদ্বোধন কৰি কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে ভার্চুৱেলী দুখন কর্কট চিকিৎসালয় কেন্দ্র মুকলি কৰে। ইফালে প্রাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় মুকলি অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাক শক্তিশালী কৰাৰ বাবে স্পষ্ট দৃষ্টিভংগীৰে কাম কৰিছে। বিজেপিৰ অধীনস্থ ৰাজ্য চৰকাৰে মাত্ৰ এটা লক্ষ্যৰে কাম কৰিছিল আৰু অসমৰ স্বাস্থ্যসেৱাক গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ দৰে ৰাজ্যৰ সৈতে সমান কৰি তোলাত সফল হৈছে।শ্বাহে কয় যে দেশত চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰাটো অতি প্রয়োজনীয়, যাতে ভাৰতীয় চিকিৎসকে কেৱল দেশৰ ভিতৰতে নহয়, সমগ্র বিশ্বতে ৰোগীক সেৱা আগবঢ়াব পাৰে।

তেওঁ কয় যে চিকিৎসা অধ্যয়নৰ বাবে পূর্ণাংগ সুবিধা থকাটো অতি প্রয়োজনীয়, যাতে ছাত্র-ছাত্রীসকলে কেৱল ভাৰততে নহয়, বিশ্বজুৰিও ৰোগীৰ চিকিৎসা কৰিব পাৰে। অঞ্চলটোত চিকিৎসালয় আৰু চিকিৎসা প্রতিষ্ঠান সম্প্ৰসাৰণৰ লগে লগে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলে আৰু চিকিৎসাৰ বাবে বহু দূৰলৈ যোৱাৰ প্ৰয়োজন নহ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, মই বিশ্বাস কৰোঁ যে ৰাজ্যখনৰ আনকি সমগ্ৰ উত্তৰ-পূবৰ ৰোগীয়েও চিকিৎসাৰ বাবে দূৰৈৰ ঠাইলৈ যাব নালাগিব। ইয়াৰ লগতে গৃহমন্ত্রী শ্বাহে ১৩৫ কোটি টকাৰে নিৰ্মাণ কৰা অসম চৰকাৰ আৰু টাটা ট্রাষ্টৰ যৌথ উদ্যোগত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত বিকশিত কৰা গোলাঘাট আৰু তিনিচুকীয়াত কেঞ্চাৰ কেয়াৰ চেণ্টাৰো ভার্চুৱেলী উদ্বোধন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কার্যতঃ কেইবাটাও বৃহৎ স্বাস্থ্যসেৱা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, ইয়াৰ ভিতৰত আছে ২২০ কোটি টকা ব্যয়ৰ ডিফু মেডিকেল কলেজ, ৩১০ কোটি টকা ব্যয়ৰ যোৰহাট মেডিকেল কলেজ আৰু ২৮৪ কোটি টকা ব্যয়ৰ বৰপেটা মেডিকেল কলেজৰ মুঠ ৮১৪ কোটি টকাৰ তিনিখন ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, গুৱাহাটীৰ ছয়মাইলত ২১৮ কোটি টকাৰ স্বাস্থ্য ভৱন, অভয়াপুৰীত ১১৫ কোটি টকাৰ জিলা স্বাস্থ্যকেন্দ্ৰকে ধৰি কেইবাটাও বৃহৎ স্বাস্থ্যসেৱা আন্তঃগাঁথনি প্রকল্পৰ আধাৰশিলা স্থাপন কৰে।

তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰৱৰ্তন কৰা আয়ুষ্মান ভাৰত যোজনাৰ লগতে অসম চৰকাৰে আৰম্ভ কৰা ৰাজ্যিক পৰ্যায়ৰ স্বাস্থ্য বীমা আঁচনিৰ কথাও উল্লেখ কৰে। গৃহমন্ত্রী শ্বাহে কয়, আজি অসমৰ প্ৰায় ৮৫% লোকে ৫ লাখ টকা পর্যন্ত চিকিৎসাৰ বাবে ধন খৰচ কৰাৰ প্ৰয়োজন নাই। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মাতৃ স্বাস্থ্যসেৱা সেৱাৰ উন্নতিৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয়, ‘পূর্বতে প্রায় ৭০% প্ৰসৱ ঘৰতে হৈছিল সুবিধাৰ অভাৱত। আজি চিকিৎসালয়, পি এইচ চি, চি এইচ চি আৰু এম্বুলেঞ্চৰ নেটৱৰ্কৰ বাবে প্ৰায় ৯৮% প্ৰসৱ চিকিৎসালয়ত হয়। গৃহমন্ত্রী শ্বাহে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক অঞ্চলটোৰ স্বাস্থ্যখণ্ডক অৱহেলা কৰা বুলিও সমালোচনা কৰি কয়, দহ বছৰ পূৰ্বে উত্তৰ-পূবৰ স্বাস্থ্য সুবিধাসমূহৰ অৱস্থা কি আছিল কল্পনা কৰকচোন, আনকি অসমৰ স্বাস্থ্যখণ্ডৰ অৱস্থাও জৰাজীৰ্ণ হৈ পৰিছিল। কেইবাবছৰ ধৰি সংসদত অসমক প্রতিনিধিত্ব কৰা প্ৰাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ কথা উল্লেখ কৰি শ্বাহে কয় যে সেই সময়ছোৱাত ৰাজ্যৰ স্বাস্থ্য আন্তঃগাঁথনিত বিশেষ উন্নতি হোৱা নাছিল।

আমাৰ চৰকাৰৰ দহ বছৰৰ ভিতৰতে মই গৌৰৱেৰে ক’ব পাৰোঁ যে বিজেপি চৰকাৰে অসমৰ স্বাস্থ্যখণ্ড আৰু স্বাস্থ্য শিক্ষাখণ্ডক স্বাৱলম্বী কৰাৰ প্রক্রিয়া সম্পূৰ্ণ কৰি তুলিছে। কংগ্ৰেছৰ শাসনকালত কল্যাণমূলক আঁচনিসমূহত দুর্নীতিৰ অভিযোগো উত্থাপন কৰি অংগনৱাড়ী প্রকল্প আৰু মধ্যাহ্ন ভোজন আঁচনিৰ অনিয়মৰ জৰিয়তে ধন হৰলুকী কৰা বুলি দাবী কৰে। চৰকাৰী পদক্ষেপৰ ওপৰত আলোকপাত কৰি শ্বাহে কয় যে অসমৰ স্বাস্থ্যখণ্ডৰ বাজেট যথেষ্ট বৃদ্ধি পাইছে। ‘কংগ্রেছ চৰকাৰৰ দিনত বছৰি প্ৰায় ১৫০ কোটি টকা স্বাস্থ্যৰ বাবে ব্যয় হৈছিল। তাৰ তুলনাত বিজেপি চৰকাৰৰ দিনত অসমৰ স্বাস্থ্যখণ্ডৰ বাজেট প্রায় ৯ হাজাৰ কোটি টকা হৈছেগৈ।’ বিজেপিৰ বিৰোধিতা কৰি বিৰোধী নেতাগৰাকীয়ে দেশক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰি এআই শীর্ষ সন্মিলনৰ সময়ত কংগ্ৰেছ কৰ্মীয়ে কৰা প্ৰতিবাদক লৈও শ্বাহে ৰাহুল গান্ধীক সমালোচনা কৰে। ‘নিজৰ পৰিয়ালৰ আৰ্থিক স্বাস্থ্যৰ বাহিৰে কংগ্ৰেছে ৰাইজৰ স্বাস্থ্যৰ চিন্তা কেতিয়াও নকৰিলে বুলিও মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।অনুষ্ঠানত স্বাস্থ্য আদি বিভাগৰ মন্ত্রী অশোক সিংহল, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক ৰমেন্দ্র নাবায়ণ কলিতা, শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ডাঃ অনুপ কুমাৰ বৰ্মন, বিশিষ্ট উদ্যোগপতি তথ্য সমাজকর্মী বাধাকিষণ দমনি প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।
