গুৱাহাটীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ গুৱাহাটী মহানগৰীত যুৱতীৰ ৰহস্যজনক মৃত্যু। এইবাৰ ভঙাগড়ৰ চিলাৰায় পথৰ নিজৰ ঘৰতে এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু।২১ বছৰীয়া ইপ্সিতা দাস নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক সৃষ্টি হৈছে চাঞ্চল্য। প্ৰেমত বাবে মানসিক নিৰ্যাতনৰ বলি হৈ চৰমপন্থা লোৱাৰ সন্দেহ পৰিয়ালৰ।চিণ্টু কলিতা নামৰ এজন যুৱকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। লক্ষ্যণীয়ভাৱে ৩৮ বছৰীয়া চিণ্টু কলিতা আছিল ইপ্সিতাৰ দূৰ সম্পৰ্কীয় মোমায়েক।ইপ্সিতাক প্ৰেমৰ জালত পেলাই চিণ্টুৱে ধন সম্পত্তি দাবীৰ অভিযোগ উত্থাপন কৰিছে ইপ্সিতাৰ পৰিয়ালে। আনহাতে ঈপ্সিতাৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ পাছতো আন এগৰাগী যুৱতীৰে বিবাহ ঠিক কৰিছিল চিণ্টুৱে। আৰু ইয়াকে লৈ মানসিকভাৱে ভাঙি পৰি ঈপ্সিতাই চৰম পন্থা লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।