গুৱাহাটীত নতুনকৈ সংযোজন হ’ল এক বিলাসী ৰেষ্টুৰেন্ট ‘আজাদ’

Pc The Janambhumi

গুৱাহাটীত নতুনকৈ সংযোজন হ’ল এক বিলাসী ৰেষ্টুৰেন্ট ‘আজাদ’

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ উলুবাৰী বৰাজ আৰ্কিডত শনিবাৰে এখন বিশেষ ৰেষ্টুৰেন্ট মুকলি কৰা হয়। ২৩ বছৰীয়া যুৱক ছামছুদ্দিন আল্টামচৰ এই বিশেষ ৰেষ্টুৰেন্ট খনত নৰ্থ-ইণ্ডিয়াৰ পৰা আদি কৰি তণ্ডুৰি বিশেষ ব্যঞ্জন উপলব্ধ থাকিব। আগন্তুক দুৰ্গা পুজাৰ প্ৰাকক্ষনত ৰেষ্টুৰেন্টখনত ব্যাপক হাৰত গ্ৰাহকৰ সমাগম হ’ব বুলি ৰেষ্টুৰেন্টখনৰ মুখ্য চেফ ফাৰুক আহমেদে জানিবলৈ দিয়ে। এই ৰেষ্টুৰেন্টখন জনপ্ৰিয় অভিনেত্রী নিশিতা গোস্বামীয়ে মুকলি কৰে। ৰেষ্টুৰেন্টখন মুকলি কৰি অভিনেত্রী গৰাকীয়ে কয় যে, “ইমান কম মূল্যত ইমান সোৱাদ ভৰা ব্যঞ্জন অন্য ৰেষ্টুৰেন্টত পাম বুলি ভবা নাই। আজাদৰ ব্যঞ্জনে সঁচাকৈয়ে মানুহক আকৰ্ষিত কৰিব বুলি মোৰ বিশ্বাস আছে।”