গুৱাহাটীত দুৰ্ঘটনাগ্ৰস্ত বলীউডৰ অভিনেতা আশিস বিদ্যাৰ্থী
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ জু-ৰোডত শুকুৰবাৰে নিশা এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেলখনৰ সমীপত সংঘটিত দুর্ঘটনাটোত বলীউডৰ বিখ্যাত অভিনেতা তথা অসমৰ জোঁৱাই আশিস বিদ্যার্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱা গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। জানিব পৰা মতে, দিছপুৰ দিশৰ পৰা আহি থকা তীব্রবেগী এএছ ০১ ডিৱাই ৫০৬১ নম্বৰৰ এভেঞ্জাৰ বাইকখনে নিয়ন্ত্রণ হেৰুৱাই জু-ৰোডত খোজকাঢ়ি থকা সময়তে অভিনেতা আৰু তেওঁৰ পত্নীক খুন্দা মাৰে। ফলত অভিনেতা বিদ্যার্থী আৰু পত্নী বৰুৱা আঘাত প্রাপ্ত হোৱাৰ লগতে বাইক চালক জন আঘাতপ্রাপ্ত হয়। পিছত ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্রাপ্ত বাইক আৰোহীজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ইপিনে আশিস বিদ্যার্থীসহ পত্নী বৰুৱাক গুৱাহাটী এপল হাস্পতালত চিকিৎসাধীন হৈ আছে যদিও দুয়ো সংকটমক্ত বুলি জানিব পৰা গৈছে।
