গুৱাহাটীত ড: সূৰ্যকান্ত হাজৰিকাৰ কাব্যগ্ৰন্থ উন্মোচন

গুৱাহাটীত ড: সূৰ্যকান্ত হাজৰিকাৰ কাব্যগ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- জীৱনৰ বৈচিত্ৰ্যময় অভিজ্ঞতাৰে সত্তৰৰ দশকৰ পৰা কাব্যচৰ্চা আৰু গীতিকবিতা ৰচনা কৰি অহা, বিশিষ্ট সাহিত্যিক ড: সূৰ্যকান্ত হাজৰিকাৰ নবতম কাব্য সংকলন “সময়ৰ কথা” মহানগৰীৰ আৰ জি বৰুৱা পথৰ “এচ কে হাজৰিকা মহাবিদ্যালয়” প্ৰাংগণত শুভ উন্মোচন কৰি নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভাপতি, বিশিষ্টা লেখিকা, শিক্ষাবিদ ড: মলিনা দেৱী ৰাভাই কয় – “জীৱনৰ বৰ্ণিল অভিজ্ঞতা কবিতাৰেও প্ৰকাশ কৰিব পাৰি । কবিতা অৰ্থযুক্ত হ’ব লাগে । কবিয়ে পৰিৱেশ সৃষ্টি কৰিব লাগে । চিন্তাৰ প্ৰকাশ পাব লাগে । চন্দ, তাল, মান, লয় কবিতাৰো থাকিব লাগে ।” ড: ৰাভাই উন্মোচনী ভাষণত তেখেতে নিজৰ ধৰ্ম, কৃষ্টি, সমাজ, সংস্কৃতি, পৰম্পৰা, ঐতিহ্যক অকৃত্ৰিম আৰু আন্তৰিক শ্ৰদ্ধা ভক্তিৰে কৰা হাজৰিকাক সৃষ্টি কৰ্মৰ শলাগ লয় । সভা উদ্ধোধন কৰি অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠকে কয় – “মানুহক আমি জানিবলৈ,বুজিবলৈ, শিকিবলৈ চেষ্টা কৰিব লাগে ।পঢ়িব লাগে,পঢ়ুৱাবও লাগে । শিল্প-সাধনা, সাহিত্য সাধনা, সংস্কৃতি সাধনা কৰা লোকসকলে সমাজৰ মাজত সদায় জীয়াই থাকে । কবিতা-গীতৰ মাজত প্ৰভেদ নাই বুলি কব পাৰি । ড: সূৰ্যকান্ত হাজৰিকাই সাহিত্যৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অবদানৰ কথা দোহাৰে ।” সাংবাদিক- কবি-লেখক দীপক শৰ্মাই আত ধৰা সভাত গোৱালপাৰাৰ বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট কবি ড: এম গোপাল সিংহই মুখ্য অতিথিৰ ভাষণত কয়- “কবিতাই খুনা পাৰে হৃদয়ত । কবিবোৰ দাৰ্শনিক । সময় সাপেক্ষে কবিতা লিখিব লাগে কবিয়ে । কবিবোৰ মহান ।” নেপালী সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্টা লেখিকা নিৰু শৰ্মা পৰাজুলিয়ে অতিথিৰ ভাষণত কয়- “এখন অন্তৰৰ পৰা অইন এখন অন্তৰলৈ অনুৰণন কৰিব পৰা সৃষ্টি কৰিব লাগে কবি-সাহিত্যিকে । অহংকাৰী, অভিমানী লোক কোনোদিন আগুৱাব নোৱাৰে ।” অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক , “সাহিত্য কোৱৰ” কমল কলিতাই কয়- “কবিবোৰ ঋষিৰ লেখিয়া । কবিয়ে অনুশীলন কৰিলে বহু উন্নত কবিতা সৃষ্টি কৰিব পাৰে । ভাল কবিতা বিদ্যুতৰ দৰে ।” সভাত ৰাষ্ট্ৰীয় কবি সংঘমৰ উপাধ্যক্ষ ড: গীতা দত্ত চহৰীয়াই কয়- “অসমৰ গ্ৰন্থ যদি অইন ভাষালৈ অনুদিত হয় তেতিয়াহ’লে অসমৰ সাহিত্যিকে বহু সন্মান কঢ়িয়াই আনিব ।” ড: সূৰ্যকান্ত হাজৰিকাৰ নাতিদীৰ্ঘ ভাষণৰ অন্তত শলাগৰ শৰাই আগবঢ়াই এচ কে হাজৰিকা মহাবিদ্যালয়ৰ অধ্যক্ষা ড: ইভা হাজৰিকাই ।