গুৱাহাটীত ড্ৰাগচৰ বিৰুদ্ধে সজাগতা সভা

গুৱাহাটীত ড্ৰাগচৰ বিৰুদ্ধে সজাগতা সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত আন্তঃৰাষ্ট্ৰীয় এইডচ্ দিৱসৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক এইডছ কণ্ট্ৰল ছছাইটি তথা ডিষ্ট্ৰিক লিগেল চাৰ্ভিচ অথৰিটী, কামৰূপ মেট্ৰো আৰু টি আই এন জি ও ৰ সহযোগত এখন ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত সভাত সহকাৰী অধ্যক্ষ (ASACS) দিপশিখা তালুকদাৰ হালৈ, ডিষ্ট্ৰীক লীগেল চাৰ্ভিচ অথৰিটিৰ লিনা দলে,জিলা এইডছ কন্ট্ৰল অফিচাৰ এম বি নাথ, ডিষ্ট্ৰিক প্ৰগ্ৰেম মেনেজাৰ (D P M -DISHA) মৃদুলা চহৰীয়া, টেকনিকেল অফিচাৰ (ASACS) পংকজ চৌধুৰী, জইন ডাইৰেক্টৰ হেলথ, (কামৰূপ মেট্ৰো) ডঃ শান্তিময়ী শৰ্মা, কৰ্মকৰ্তা আজমত উল্লাহ শেখ আৰু বিভিন্ন জিলাৰ ড্ৰাগছ আসক্ত যুৱক যুৱতীৰ অভিভাৱক সহ নিমন্ত্ৰণ কৰি অনা প্ৰায় ১২০ জন মান লোকৰ উপস্থিতিত ড্ৰাগছ সজাগতাৰ বিষয়ত বিশদভাৱে আলোচনা কৰাৰ লগতে বিভিন্ন বক্তাই ভাষণ প্ৰদান কৰাৰ উপৰিও এই বিষয়ত সক্ৰিয়ভাৱে কাম কৰি থকা কেইগৰাকীমান ব্যক্তিক সম্বৰ্ধনা জনায় আৰু ড্ৰাগছ সজাগতা বিষয়ত ‘যোগদল তুৱা কৃষ্টি গ্ৰুপ’, দীনেশ তালুকদাৰৰ নেতৃত্বত এখন সুন্দৰ নাটক পৰিৱেশন কৰাৰ লগতে কেইটিমান সঙ্গীত আৰু নৃত্য পৰিৱেশন কৰে।