গুৱাহাটীত চিপিআই(এম)ৰ সংবাদমেল
গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই চোৰ কৰিলে কোনে
ৰঙিলী বাৰ্ত্তাসেৱা- চিপিআইএমৰ সংবাদমেল সম্বোধন কৰে ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে৷ উপস্থিত থাকে কেন্দ্ৰীয় কমিটীৰ সদস্য ইছফাকুৰ ৰহমান, ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য নয়ন ভূঞা আৰু নিৰংকুশ নাথ৷সুপ্ৰকাশ তালুকদাৰে সংবাদ মেলত কয় যে গীৰ গাই ক্ৰয়ক কেন্দ্ৰ কৰি চলিছে বৃহৎ কেলেংকাৰী৷ৰাজ্যত চলিছে গীৰ গাইৰ তথ্য বিভ্ৰাট-সত্য তথ্য কোনটো?মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মৎসপালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পৰুষোত্তম ৰুপালাৰ উপস্থিতিত স্বাক্ষৰিত হয় বুজাবুজি চুক্তি (MOU)—NDDB আৰু অসম চৰকাৰৰ মাজত ৭ জানুৱাৰী ২০২২ত ।অসমলৈ ১৫০০০ গীৰ গাই অনাৰ পৰিকল্পনা। তাৰে ৫০০০ ৰ প্ৰাথমিকভাৱে গৰুখুটিৰ বাবে৷আৰটিআই-ৰ তথ্য মতে ২৫ নৱেম্বৰ, ২০২১ ত ৯৮ জনী গাই অনা হয়।আন এক আৰটিআই ৰ তথ্য মতে জানুৱাৰী ১৮, ২০২২ত ২৪ জনী গীৰ গাই আৰু এটা বলধ অনা হয়।মন্ত্ৰী অতুল বৰাৰ বিধান সভাৰ মজিয়াত উত্তৰ—১৪ মাৰ্চ ২০২৩ ত।চৰকাৰে ২০২১ ৰ নবেম্বৰ ডিচেম্বৰত ১২২ জনী গীৰ গাই ক্ৰয় কৰিছে।তাৰে ৫৭ জনীৰ প্ৰসৱৰ ফলত মুঠ গৰু হয় ১৭৬ জনী। ১৯ ফেব্ৰুৱাৰী ২০২৪ত গৰুখুটি প্ৰকল্পৰ পশুপালন নডেল বিষয়াই দিয়া তথ্য মতে ৩০০ গীৰগাই NDDBৰ পৰা ক্ৰয় কৰিছে।তাৰে ২১০ জনী প্ৰকল্পলৈ অনা হয় ৩ এপ্ৰিল ২০২৩ত। ৯০জনী ‘কৃষক’ৰ মাজত জনপ্ৰতিনিধিৰ জৰিয়তে বিতৰণ। ৫৬ জনী মৃত্যু হয়।২০২২ চনত অসম বিধান সভাত ১৪ মাৰ্চত বাজেট অধিৱেশনৰ ৰাজ্যপালৰ ভাষণত প্ৰকাশ হৈছিল যে ১০৮ জনী গীৰগাই অনা হৈছে।The Sentinel,News 18 Assam,Pratidin Time,Prag News আদিত ২০২১ চনৰ ২৫ নবেম্বৰতো এই তথ্য প্ৰকাশ হৈছে।প্ৰকল্পৰ জ্যষ্ঠ বিষয়া যুগব্ৰত নাথৰ অনুসৰি গৰুখুটি প্ৰকল্পত বৰ্তমান আছে ১৩০ টা পোৱালীসহ ২১০ জনী গীৰ গাই।গীৰ গাই ক্ৰয়-বিক্ৰয়ৰ উপৰি দুগ্ধ উন্নয়নৰ নামত ৰাজসাহায্য প্ৰদানৰ আৰু গৰুখুঁটি প্ৰকল্পৰ সমস্ত কেলেংকাৰিৰ বৰ্তমান কৰ্মৰত অথবা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা সময় নিৰ্ধাৰিত ন্যায়িক তদন্তৰ দাবীৰ লগতে জয়ন্ত মল্ল বৰুৱাক মন্ত্রী সভাৰ পৰা অপসাৰণ কৰি পৰিয়ালৰ আয় আৰু সম্পত্তিৰ সামঞ্জস্যহীনতাৰ ন্যয়িক তদন্তৰ৷জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ফাৰ্মৰ আয় ২০২০ চনত ১ লাখ ১৯ৰ পৰা ৭৭ লাখ টকালৈ বৃদ্ধি; ফাৰ্ম ক’লা টকা বগা কৰাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ সন্দেহ; জলজীৱন মিছনৰ পৰা আহৰণ কৰা ক’লা টকা বগা কৰা হৈছে৷ ৪ জুলাইত ৰাজ্যজুৰি প্ৰতিবাদ হ’ব বুলি কয়৷
