গুৱাহাটীত ‘গণ কবিতাৰ দিন’ উদ্‌যাপন

গুৱাহাটীত ‘গণ কবিতাৰ দিন’ উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  কবি ৰোহিনী কুমাৰ পাঠক অসমীয়া গণমুখী কাব্য সাহিত্যৰ এটি উল্লেখযোগ্য নাম৷সত্তৰৰ দশকৰ ‘জটায়ুৰ পান্দুলিপি’ নামৰ কাব্যগ্ৰন্থৰে খ্যাত কবি গৰাকীৰ ওপজা দিনটো এইবেলিও ‘গণ কবিতাৰ দিন’ হিচাপে ১০ ফেব্ৰুৱাৰীত উদ্‌যাপন কৰা হয়৷অসমৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান ‘চিৰন্তন সাহিত্যৰ দিন’ৰ উদ্যোগত গুৱাহাটী ক্লাবস্থিত চন্দ্ৰপ্ৰভা শইকীয়ানী স্মৃতি ভৱনত অনুষ্ঠিত গণ কবিতাৰ দিনত কবি ৰাজীৱ কুমাৰ ফুকন,কিশোৰ কুমাৰ জৈন,কুশল দত্ত,অচিন্ত কৃষ শৰ্মা,ৰঞ্জিত কুমাৰ সিংহ,জগদীশ পাটগিৰি,পলি বনিক্য,সমুদ্ৰ শৰ্মা,অভিজিৎ চক্ৰৱৰ্তীকে আদি কৰি বহু কেইগৰাকী নবীন-প্ৰবীন কবিয়ে স্ব- ৰচিত কবিতা পাঠেৰে অনুষ্ঠানটো জীপাল কৰি তোলে৷ৰোহিণী কুমাৰ পাঠকৰ গীত-সুৰ আৰু গীত পৰিৱেশনেৰে সমৃদ্ধ কৰা অনুষ্ঠানত আমন্ত্ৰীত অতিথি,বিশিষ্ট সুৰকাৰ,সংগীত শিল্পী অনুজ শৰ্মাই ৰোহিণী কুমাৰ পাঠকৰ সৈতে তেওঁৰ আত্মজ সম্পৰ্ক আৰু পাঠকৰ গীতৰ সুৰ দিয়া অন্তৰংগ মুহুৰ্তবোৰৰ কথা আৰু পাঠকৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটো উজ্জীৱিত কৰি তোলে৷অনুষ্ঠানটিত কথা আৰু কবিতাৰে চিত্ৰশিল্পী ধনঞ্জয় শৰ্মা,জলদবৰণ মহন্ত,ভানু পাঠক আৰু “চিৰন্তন সাহিত্যৰ দিন’ৰ সভাপতি প্ৰভাত দাসে ৰোহিণী কুমাৰ পাঠকৰ সতে থকা স্মৰণীয় মুহুৰ্তবোৰৰ কথা উল্লেখ কৰে৷বিশিষ্ট কবি,সংগঠক শংকৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় সম্পাদক মুনীন্দ্ৰ মহন্তই৷