গুৱাহাটীত এবিভিপিৰ ৰাজ্যিক সদস্যতা কৰ্মশালা
ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ উদ্যোগত আগন্তুক ২৪-২৫ বৰ্ষৰ সদস্যতা অভিযানৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক সদস্যতা কৰ্মশালা কালি গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। য’ত বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ প্ৰতিখন জিলাৰ নেতৃত্ববৃন্দ উপস্থিত থাকে। এক নিদিষ্ট পদ্ধতি অৱলম্বন কৰি প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই সদস্যতা অভিযানত অসম প্ৰদেশত এই বাৰ দুই লক্ষাধিক সদস্য ভৰ্তিৰ লক্ষ্য লোৱাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত এক কোটিত কৈও অধিক লোৱা হৈছে।এই লক্ষ্যত উপনীত হ’বলৈ এবিভিপি দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিখন শিক্ষানুষ্ঠানলৈ যাব লাগিব, সেই উদ্দেশ্যেৰেই গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত সমগ্ৰ অসমৰ জিলাত নেতৃত্ব প্ৰদান কৰিব লগীয়া এনে ছাত্ৰ ছাত্ৰী সকলক কৰ্মশালাত বিতংভাৱে শিকোৱা হয় । পৰৱৰ্তী সময়ত প্ৰতিখন জিলা আৰু আঞ্চলিক পৰ্যায়ত এই সদস্যতা কৰ্মশালা অনুষ্ঠিত কৰি এই লক্ষ্য উপনিত কৰিব পৰাকৈ কাৰ্যকৰ্তাক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।অনুষ্ঠানত অসম প্ৰদেশৰ ৰাজ্যিক উপ-সভাপতি মাইহুৰ্ছা বড়ো, ৰাজ্যিক সম্পাদক হেৰল্ড মহন, ৰাজ্যিক সংগঠনিক সম্পাদক অনুপ কুমাৰ ৰাজ্যিক সহ সাংগঠনিক সম্পাদক বিপুল ৰাভা বিশেষভাৱে উপস্থিত থাকে।