গুৱাহাটীত উপস্থিত শিৱসেনা বাহিনী

গুৱাহাটীত উপস্থিত শিৱসেনা বাহিনী

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীত উপস্থিত শিৱসেনা বাহিনী। একনাথ সিন্দে সহিতে ৫৫জন বিধায়ক, মন্ত্ৰী, সাংসদ উপস্থিত গুৱাহাটীত। ৫৫ জন মন্ত্ৰী–বিধায়কৰ লগত আহিছে পৰিয়ালৰ লোকো। বৰঝাৰ বিমানবন্দৰৰ পৰা কাম্যাখ্যালৈ ৰাওনা হয় সিন্দে বাহিনী। সৰ্বমুঠ ১৭৮জন লোক আহিছে সিন্দেৰ সৈতে। বৰঝাৰ বিমানবন্দৰত বিত্ত মন্ত্ৰী অজান্ত নেওগ, বিমল বৰা আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে উষ্ম আদৰণি জনাই দলটোক। বিমানবন্দৰৰ পৰা কামাখ্যা মন্দিৰত উপস্থিত হয় দলটো। কামাখ্যাত মাৰ আশিস লয় সিন্দে বাহিনীয়ে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ চৰকাৰৰ বিসম্বাদৰ সময়ত গুৱাহাটীত আহি বাহৰ পাতিছিল একনাথ সিন্দেৰ লগতে বহু বিধায়কে। সেই সময়তে সিন্দেই কামাখ্যা মন্দিৰ দৰ্শনৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছিল।